অৰুণোদয় সাহিত্য চ’ৰাৰ সাহিত্য বৈঠক সম্পন্ন – লেখিকা জোনাকী বৰ্মন বৰাৰ ক’ৰণা কালৰ কথকতা উন্মোচন

মধ্য অসমৰ ভাষা-সাহিত্য-সংস্কৃতি চৰ্চা আৰু অনুশীলনৰ মুকলি মঞ্চ অৰুণোদয় সাহিত্য চৰ্চাৰ সাহিত্য বৈঠকখনি দেওঁবাৰে সম্পন্ন হয়। ক’ৰণা মহামাৰীৰ পৰিপ্ৰেক্ষিতত দীৰ্ঘদিন ধৰি বন্ধ হৈ থকা সাহিত্য পাঠৰ মাহেকীয়া বৈঠক খন নগাঁৱৰ লক্ষীনগৰস্থিত হোমিঅ পেথিক মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত ১০ অক্টোৱৰৰ পৰা আৰম্ভ হয়। সম্পাদক ৰাহুল দেৱ বৰদলৈয়ে আঁতধৰা আৰু উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত সভাপতিত্ব কৰে মৃদুপৱন বৰাই। এই সভাতে নগঞা লেখিকা জোনাকী বৰ্মন বৰাৰ শেহতীয়া গ্ৰন্থ ক’ৰণা কালৰ কথকতা” উন্মোচন কৰে নগাঁও জিলা সাহিত্য সভাৰ সভাপতি, বিশিষ্ট কবি পৰান কুমাৰ বৰুৱাই। শিল্পী পৰান চন্দ্ৰ দাসৰ বাঁহীৰ সুৰ আৰু গীতাঞ্জলী দেৱীৰ বৰগীত পৰিবেশনেৰে আৰম্ভ হোৱা সাহিত্য পাঠৰ অনুষ্ঠানত কবিতা পাঠ কৰে অনুকোঁৱৰ সিংহ, তৰুন চন্দ্ৰ দাস, দিপালী বৰদলৈ, বিকাশ হাজৰিকা, ৰাতুল দাস, মহেন্দ্ৰ হাজৰিকা, বেলা মোদী, বিউটি দেৱী বৰা, বিজন পাটৰ, জয়ন্তী বৰাই। ইয়াৰোপৰি এটি সময়োপযোগী প্ৰৱন্ধ পাঠকৰে মুৰুলি বৰুৱা আৰু এটি ৰস ৰচনা পাঠ কৰে ৰাহুল দেৱ বৰদলৈয়ে। সাহিত্য পাঠ অনুষ্ঠানত সমিক্ষকৰ আসন গ্ৰহন কৰে আবুল হুছেইনে। অনুষ্ঠানত চ’ৰাৰ প্ৰাক্তন সভাপতি ভৱেশ মেধি, লেখিকা কাৰুণ্য ভট্টাচাৰ্য, স্মৃতা কলিতা, স্বপনা কলিতা, ভাষ্কৰজ্যোতি দাস, কল্পনা হাজৰিকাকে ধৰি শতাধিক সাহিত্যপ্ৰেমী উপস্থিত থাকে। এই অনুষ্ঠানতে অৰুণোদয় সাহিত্য চ’ৰাৰ আজীৱন সভ্য পদ গ্ৰহণ কৰা তৰুণ চন্দ্ৰ দাস আৰু বিউটি দেৱী বৰাক আনুষ্ঠানিক ভাৱে স্বীকৃতি পত্র প্ৰদান কৰা হয়।
বাতৰি যুগুতালে ৰাহুল দেৱ বৰদলৈয়ে

Comments (0)
Add Comment