অৱশেষত ন্যায় পালে চিকিৎসক দত্তৰ পৰিয়ালে

২০১৯ চনৰ ৩১ আগষ্ট কথা।টীয়ক চাহ বাগিচাত সংঘটিত হৈছিল এক অমানৱীয় হত্যাকাণ্ড।টীয়ক চাহ বাগিচা একাংশ শ্ৰমিকে চিকিৎসক দেবেন দত্তক মৰিয়াই মৰিয়াই হত্যা কৰিছিল।প্ৰয়াত চিকিৎসক গৰাকী ন্যায়ৰ বাবে সকলোৱে দাবী জনাইছিল।
 
 
অৱশেষত ন্যায় লাভ কৰিলে দত্তৰ পৰিয়ালটোৱে।প্ৰায় ১৪মাহ পিছত ঐতিহাসিক ৰায় দান হ’ল।আজি যোৰহাট সত্ৰ ন্যায়লয়ে ঘটনাৰ লগত জড়িত ২৪ জন অপৰাধীক যাৱত জীৱন কাৰাদণ্ড বিহাৰ লগতে সঞ্জয় ৰাজোৱাৰ নামৰ এজনক ফাঁচীৰ ৰায় প্ৰদান কৰিছে।এই শুনানি গ্ৰহণ কৰি আবেগিক হৈ পৰিল প্ৰয়াত চিকিৎসক গৰাকীৰ পত্নী আৰু জীয়াৰী।
 
 
আনহাতে এই ৰায় শুনানিৰ সম্পৰ্কে জ্ঞাত হৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি  মানৱ অধিকাৰকৰ্মী ডক্টৰ দিব্যজ্যোতি শইকীয়াই কয় যে এনেধৰণৰ হত্যা,হিংসা ৰোধ কৰিবৰ বাবে ৰাষ্ট্ৰীয় অথবা ৰাজ্যিক পৰ্য্যায়ত এখন কঠোৰ আইন শীঘ্ৰে বলৱৎ হোৱা উচিত।এই গোচৰক ক্ষীপ্ৰতাৰে আগবঢাই নিয়া যোৰহাটৰ আৰক্ষী অধীক্ষক আই পি এচ বৈভৱ চি নিম্বালকৰক প্ৰশংসা কৰে।লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে মোকৰ্দমাৰ বাবে ক্ষিপ্ৰতাৰে ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে তেখেতে ধন্যবাদ জ্ঞাপন কৰে।

Comments (0)
Add Comment