আইদেউ সন্দিকৈক শ্ৰদ্ধাৰে সুঁৱৰি

আইদেউ সন্দিকৈ।নামেই যাৰ পৰিচয়।এই গৰাকী নাৰী আছিল অসমৰ প্ৰথম গৰাকী অভিনেত্ৰী।তেখেতে জ্যোতিপ্ৰসাদ আগৰৱালাৰ জয়মতী কথাছবিত জয়মতী নাম ভূমিকাত অভিনয় কৰিছিল।
সেই সময়ত এগৰাকী মহিলাই সহ অভিনেতাৰ সৈতে অভিনয় কৰাটো এক প্ৰকাৰৰ পাপ বুলি গণ্য কৰা হৈছিল। সেয়েহে আইদেউ সন্দিকৈ সমাজৰ পৰা বিতাড়িত কৰা হৈছিল।আনকি তেখেতক ঘৰৰ মূল ঘৰতো থাকিবলৈ দিয়া হোৱা নাছিল আৰু খোৱা পানীৰ বাবে পুখুৰীও বেলেগকৈ ব্যৱস্থা কৰা হৈছিল। অৱশ্যে দেউতাক নীলাম্বৰ সন্দিকৈৰ সন্মতিতেহে আইদেউ সন্দিকৈয়ে ছবিত অভিনয়ৰ বাবে মন মেলিছিল।
উল্লেখযোগ্য যে আইদেউ সন্দিকৈ এজন সম্বন্ধীয় ককায়েকে জাহাজ দেখুওৱা ছলেৰে জ্যোতিপ্ৰসাদ আগৰৱালা দেৱক লগ কৰাই দিছিল। ১৯৮৫ চনত তেখেতে জয়মতী ছবিখন চোৱাৰ সৌভাগ্য হৈছিল।জীৱনৰ শেষ অৱস্থাত তেখেতে চৰকাৰৰ ফালৰ পৰা পেঞ্চন লাভ কৰিছিল । এই গৰাকী মহীয়সী নাৰীৰ আজি মৃত্যুৰ দিনটোত এন ই ফ’কাচ ডট কমৰ পৰিয়ালে শ্ৰদ্ধাৰে সোৱৰিছোঁ।

Comments (0)
Add Comment