আইদেউ সন্দিকৈৰ স্মৃতিত সাংস্কৃতিক প্ৰকল্প হ’ব,কিন্তু ক’ত

অসমৰ প্ৰথম অসমীয়া বোলছবি হ’ল জ্যোতি প্ৰসাদ আগৰৱালা দেৱৰ জয়মতী। এই জয়মতীৰ  মুখ্য ভূমিকাত অভিনয় কৰিছিল আইদেউ সন্দিকৈয়ে।
 
 
বোকাখাতত এইগৰাকী মহান শিল্পী গৰাকীৰ স্মৃতিত এক সাংস্কৃতিক কেন্দ্ৰ নিৰ্মাণ কৰা হ’ব৷ চলিত বৰ্ষত এই প্ৰকল্পৰ কাম আৰম্ভ হ’ব।এই প্ৰকল্পটোৰ বাবে ১কোটি টকাৰ সাংসদপুঁজি প্ৰদান কৰিব ৰাজ্যসভাৰ অগপ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই।  প্ৰকল্পৰ সন্দৰ্ভত বোকাখাতৰ স্থানীয় বিধায়ক তথা ৰাজ্যৰ কৃষিমন্ত্ৰী অতুল বৰাই ৰবিবাৰে আইদেউ সন্দিকৈৰ সাংস্কৃতিক সংগ্ৰহালয়ত উপস্থিত হৈ প্ৰকল্পটোৰ বিষয়ে ব্যক্ত কৰে৷ শিল্পী আইদেউ সন্দিকৈৰ নামত কৰা এইো প্ৰকল্পটোৰ কাম অতিশীঘ্ৰেই ৫০লাখ টকাৰে প্ৰথম পৰ্যায়ত আৰম্ভ হ’ব বুলি মন্ত্ৰী অতুল বৰাই মন্তব্য কৰে।

Comments (0)
Add Comment