আজিৰে পৰা ১১ মে`লৈ কামৰূপ মহানগৰ জিলাৰ শিক্ষানুষ্ঠানৰ বন্ধ ঘোষণা

আজিৰে পৰা অহা ১১মে’লৈ কামৰূপ মহানগৰ জিলাৰ সকলো শিক্ষানুষ্ঠান ১৫দিন বাবে বন্ধ ঘোষণা কৰিছে ।কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ অধ্যক্ষই জাৰি কৰা এক নিৰ্দেশনাত এই কথা কোৱা হৈছে। পৰে ক’ভিড-১৯ পজিটিভৰ সংখ্যা দিনক দিনে বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰ জিলাৰ চৰকাৰী-বেচৰকাৰী সকলো শিক্ষানুষ্ঠান বন্ধৰ প্ৰশাসনে নিৰ্দেশ জাৰি কৰিছে।
নিৰ্দেশাৰ অনুসৰি, কামৰূপ মহানগৰ জিলাৰ অধীনৰ সকলো বিদ্যালয়-মহাবিদ্যালয়, বিশ্ববিদ্যালয় জিলাখনৰ ছাত্ৰ-ছাত্ৰী নিৱাস, কোচিং চেণ্টাৰসমূহো বন্ধ ৰাখিব লাগিব ।সদ্যহতে ১১ মে’লৈ শিক্ষানুষ্ঠানসমূহ বন্ধ থাকিব আৰু পৰৱৰ্তী সময়ত কি সিদ্ধান্ত গ্ৰহণ কৰা হয় সেয়া জনোৱা হ’ব।

Comments (0)
Add Comment