আজিৰ সংবাদ মেলত মুখ্যমন্ত্ৰীয়ে কি ক’লে

সমগ্ৰ দেশত সম্প্ৰতি লকডাউন অব্যাহত আছে। এই লকডাউনৰ পৰিপ্ৰেক্ষিতত  অৰ্থনীতি মন্দাৱস্থালৈ গতি কৰিছে। দেশৰ অৰ্থনীতি পুনৰ উজ্জীৱিত কৰাৰ অৰ্থে সমূহ জনসাধাৰণলৈ কেন্দ্ৰীয় চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে।
 
 
দেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে শ্ৰমিকসকলৰ প্ৰতি লক্ষ্য ৰাখি ২০ লাখ কোটি টকা আৰ্থিক পেকেজ ঘোষণা কৰিছে। এই আৰ্থিক পেকেজ কিদৰে কাৰ্যকৰী হ’ব সেই সম্পৰ্কে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি এক সংবাদমেলত সদৰী কৰে।
 
 
অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ক’ৰ’ণা ভাইৰাছৰ বিৰূদ্ধে আমি সকলোৱে এক ঐক্যৱদ্ধ ভাৱে থিয় দিব লাগিব। অসমৰ ৮ কোটি ৰেচন কাৰ্ড নথকা লোকলৈ বিনামূলীয়া চাউল দিয়া হৈছে। আনহাতে অসমৰ ৪৪লাখ পৰিয়ালকো বিনামূলীয়া চাউল প্ৰদান কৰা হৈছে।
 
দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে যি ব্যৱস্থা গ্ৰহণ কৰিছে সেই ব্যৱস্থাৰ দ্বাৰা অসমবাসী উপকৃত হ’ব। মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে কয় যে দেশৰ অৰ্থনীতিক পুনৰ উজ্জীৱিত কৰি তুলিবলৈ অৰ্থনীতিবিদ, জ্যেষ্ঠ সাংবাদিক সকলৰ সৈতে মত বিনিময় কৰি কেন্দ্ৰীয় চৰকাৰলৈ ইতিমধ্যে প্ৰেৰণ কৰা হৈছে। আনহাতে অসমৰ বাহিৰৰ পৰা অহা শ্ৰমিকক দক্ষতা বিকাশৰ প্ৰশিক্ষণ প্ৰদান কৰিব বুলি মন্তব্য কৰে।ইফালে লকডাউনৰ সময়সীমা পুনৰ ১৪দিনলৈ বৃদ্ধি কৰিবলৈ প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰা হৈছে বুলি মন্তব্য কৰে।

Comments (0)
Add Comment