আনুষ্ঠানিক ভাৱে বি জে পিত যোগদান কৰিলে অজন্তা নেওগে

কোনো ধৰণৰ নিৰ্দ্ধাৰিত তাৰিখৰ আগজাননী নিদিয়াকৈ আজি বিজেপিৰ ৰাজ্যিক কাৰ্যালয় বাজপেয়ী ভৱনত আনুষ্ঠানিক ভাৱে গেৰুৱা বসন পিন্ধিলে কংগ্ৰেছ দলৰ নেতৃ প্ৰাক্তন মন্ত্ৰী বিধায়িকা অজন্তা নেওগ আৰু সদ্য পদত্যাগী বিধায়ক তথা পাব্লিক একাউন্স সমিতিৰ চেয়াৰ মেন ৰাজদ্বীপ গোৱালাই।এই যোগদান কাৰ্যসুচীতে বি পি এফৰ প্ৰাক্তন বিধায়ক বলেন্দ্ৰ বসুমতাৰীয়েও যোগদান কৰে।যোগদান কৰি নিজৰ ভাষণত অজন্তা নেওগে কয় যে বিজেপি দলত ভৱিষ্যত দৰ্শন আছে।দেশৰ বাবে মাতৃভুমিৰ বাবে নিশ্বাৰ্থভাৱে কাম কৰাৰ মানসিকতা প্ৰতিজন নেতা কৰ্মীৰেই আছে।এনে আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈয়ে বিজেপি দলত যোগদান কৰিছো।
যোগদানৰ কাৰ্যসূচীত উপস্থিত থাকে ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস, নেডাৰ আহবায়ক তথা ৰাজ্যৰ স্বাস্থ্য, শিক্ষা গড়কাপ্তানি মন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মা, বন আৰু পৰিবেশ মন্ত্ৰী পৰিমল শুক্লবৈদ্য, ৰাজ্যিক সাধাৰণ সম্পাদক ফনীন্দ্ৰ নাথ শৰ্মাকে ধৰি বিধায়ক ক্ৰমে প্ৰশান্ত ফুকন, অশোক সিংহাল,মৃণাল শইকীয়া উপস্থিত থাকে।

Comments (0)
Add Comment