আৰম্ভ হ`ব গুৱাহাটী আৰু ধুবুৰীৰ মাজত দৈনিক ৰেলসেৱা

উত্তৰ পূব সীমান্ত ৰেলৱেই গুৱাহাটী আৰু ধুবুৰীৰ মাজত দৈনিক ভিত্তিত দুখনকৈ বিশেষ ৰেল চলাবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে।স্থানীয় ৰেল যাত্ৰীৰ সুবিধাৰ্থে পুৰ্ব্বে ঘোষণা কৰা অনুসৰি চমু দূৰত্বৰ অন্য ৰেল সেৱা সমূহ সৈতে এই মাহৰ পৰাই এই ৰেলখন চলিব।
ৰোল নং ০৫৮১২ গুৱাহাটী ধুবুৰীৰ এক্সপ্ৰেছ বিশেষ ৰেলখন ২৪ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ গুৱাহাটীৰ পৰা ২১.৪৫ বজাত যাত্ৰা আৰম্ভ কৰিব আৰু পৰৱৰ্তী দিনৰ ৬ বজাত ধুবুৰীত উপস্থিত হ’বগৈ।উভতনি যাত্ৰাৰ সময়ত ৰেল নং ০৫৮১১ ধুবুৰী গুৱাহাটী এক্সপ্ৰেছ স্পেচিয়েল ৰেলখন ধুবুৰীৰ পৰা ২৫ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ প্ৰত্যেক দিনেই ৭.১৫ বজাত যাত্ৰা আৰম্ভ কৰি সেইদিনাই ১৫.৩০ বজাত গুৱাহাটীত আহি উপস্থিত হ’বহি।এই ৰেল খনে গোৱালপাৰা হৈ যাত্ৰা কৰিব আৰু কামাখ্যা, নিউ বঙাইগাঁও,কোকৰাঝাৰ,ফকিৰাগ্ৰাম জংচন,সাপটগ্ৰাম,টিপকাই,মংগলঝোৰা,বাসবাৰী,মোটেৰঝাৰ,গোলকগঞ্জ আৰু গৌৰীপুৰ ষ্টেচনত ষ্টপেজ থাকিব।ৰেলখনত এঘাৰটা সাধাৰণ দ্বিতীয় শ্ৰেণীৰ ডবাৰ লগতে দুখন লাগেজ ভেন থাকিব।
উক্ত ষ্টপেজসমূহৰ সময়সূচী বিস্তৃত তথ্য ৰেলৱে ৱেবচাইটত উপলব্ধ থকাৰ লগতে বিভিন্ন বাতৰি কাকত আৰু উত্তৰ পূব সীমান্ত ৰেলৱেৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মতো প্ৰকাশ কৰি থকা হৈছে। যাত্ৰী সকলক তেওঁলোকৰ ৰেল ভ্ৰমণৰ পূৰ্বে এই তথ্য সমূহ চাবলৈ অনুৰোধ জনাইছে।

Comments (0)
Add Comment