ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত সোণাৰিৰ ছাত্রৰ অভিলেখ

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ন্যায় বিভাগৰ ষষ্ট ষান্মাষিকৰ অধ্যয়ণৰত থকা সোণাৰিৰ ছাত্র চেংগিজ হাচানে এটা কণীৰ খোলাত ৰাষ্ট্ৰসংঘৰ অধীনস্থ ১৩৮ খন দেশৰ ৰাষ্ট্ৰীয় পতাকা নিৰবিচ্ছিন্ন ভাৱে ১ ঘন্টা,৪০ মিনিট, ৮ চেকেণ্ডত অংকন কৰি এক অনন্য অভিলেখেৰে চৰাইদেউ তথা অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়।এই অভিলেখৰ বাবে ইণ্ডিয়া বুক অফ ৰেকৰ্ডছৰ তৰফৰ পৰা এটি সোণৰ পদক,মানপত্ৰ, পৰিচয়পত্ৰ আৰু অন্যান্য সামগ্ৰীৰে পুৰস্কৃত কৰে । উল্লেখযোগ্য যে ছাত্রজনে ২০১৩ চনটো হাইদৰাবাদত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় যুৱ শিশু অংকন প্ৰতিযোগিতাত প্ৰথম স্থান দখল কৰি সোণৰ পদক বুটলি আনিবলৈ সক্ষম হৈছিল ।
আজি উক্ত অভিলেখ টোৰ বাবে এছিয়া বুক অফ ৰেকৰ্ডছৰ ১৮ খন ৰাষ্ট্ৰৰ জুৰীৰ মুখ্য কাৰ্য্যাবাহী বিষয়াই এছিয়া বুক অফ ৰেকৰ্ডছৰো ই এক অনন্য অভিলেখ বুলি মান্যতা প্ৰদান কৰি ছাত্র জনলৈ পত্ৰ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে।অভিলেখকাৰী ছাত্র চেংগিজ হাচান সোণাৰি পাৰ্বতিপুৰ নিৱাসী সমাজকৰ্মী এম,ইনামূল হুছেইন আৰু শিক্ষয়িত্ৰী নাজমা বেগমৰ জ্যেষ্ঠ পুত্ৰ ।

Comments (0)
Add Comment