ঈদৰ বতৰত ৰাষ্ট্ৰীয় পৰ্য্যায়ত চৰ্চিত হোৱা জিকিৰৰ কথাৰে..

অসমীয়া সমাজ জীৱনৰ লগত সম্পৰ্কিত এটা জিকিৰ। জিকিৰটো সম্প্ৰতি ৰাষ্ট্ৰীয় পৰ্যায়ত বিশেষভাৱে চৰ্চিত হৈ পৰিছে।অলপতে জিকিৰটো অসমীয়াৰ পৰা হিন্দী ভাষালৈ অনুবাদ কৰা হৈছে।
 
 
 
 
ইতিমধ্যে জী টি ভি, বি বি চিৰ কাকত আদিত ইয়াৰ বিষয়ে সবিস্তাৰে প্ৰকাশ কৰিছে। জিকিৰটো অনুবাদ কৰিছে দেৰগাঁৱৰ ৱাহিদুৰ ৰহমানে। আধুনিকতাৰ প্ৰভাৱ নথকাকৈ জিকিৰটো পৰিৱেশন কৰিছে ৱাহিদুৰ ৰহমানৰ পত্নী য়াছমিন চুলতানা আহমেদ আৰু তেখেতৰ সংগীবৃন্দই।
 
 
 
প্ৰায় ৫ মিনিটৰ সময়ৰ এই জিকিৰটো বহুতো ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে সম্প্ৰচাৰ কৰিছে। উল্লেখ্য যে শংকৰ আজানৰ দেশ অসমত থকা সম্প্ৰীতি সমগ্ৰ পৃথিৱীতে বিৰল।ৰাষ্ট্ৰীয় পৰ্য্যায়ত চৰ্চিত এই জিকিৰটোৱে কেৱল এটা ধৰ্মকে প্ৰতিনিধিত্ব কৰা নাই, ই প্ৰতিনিধিত্ব কৰিছে অসম আৰু অসমীয়া সংস্কৃতিক।স্মৰ্তব্য যে ৱাহিদুৰ ৰহমান জিকিৰ সম্ৰাট ৰেকিবুদ্দিন আহমেদৰ ভতিজা।

Comments (0)
Add Comment