উত্তৰ পূৱত পৰীক্ষাগাৰত প্ৰথমবাৰলৈ মাশ্বৰূম তৈয়াৰ হ’ল

ৰাজ্যত চলি আছে ক’ৰণাৰ বিভীষিকা। এই সময়তে ৰাজ্যবাসীৰ মাজলৈ আহিছে এক ভাল খবৰ। প্ৰথমবাৰৰ কাৰণে উত্তৰ পূৱৰ পৰীক্ষাগাৰত  মাশ্বৰূম তৈয়াৰ কৰা হৈছে।
 
 
বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ বায়’টেকন’ল’জি বিভাগে  পৰীক্ষাগাৰত তৈয়াৰ কৰিছে মাশ্বৰূম। উল্লেখ্য যে আন্তঃৰাষ্ট্ৰীয় বজাৰত ইয়াৰ বজাৰ মূল্য ৫ৰ পৰা ১০ লাখ পৰ্যন্ত হ’ব। এই মাশ্বৰূমবিধৰ নাম হৈছে ক’ৰ্ডিকেপ মিলিটাৰিজ। অতি উচ্চতা আৰু হিমশীতল পৰিৱেশতহে এই দু্ষ্প্ৰাপ্য মাশ্বৰূম বিধৰ উৎপাদন হয়। উল্লেখ্য যে ভাৰতবৰ্ষৰ ভিন্ন প্ৰান্তৰ পাহাৰীয়া ঠাইৰ লগতে তিব্বত নেপাল আৰু ভূটানৰ দৰে দেশসমূহত এই মাশ্বৰূমবিধক ভাইৰাছজনিত ৰোগ, হাৰ্টৰ অসুখকে ধৰি বিভিন্ন অসুখৰ চিকিৎসাত ব্যৱহাৰ কৰা হয়।
 
 
বেইজিং অলিম্পিকৰ সময়ত দুগৰাকী দৌৰবিদে এই মাশ্বৰূম খাইয়েই বিশ্বৰেকৰ্ড কৰা বুলিও  প্ৰশিক্ষকে সদৰী কৰিছিল। সম্প্ৰতি এই মাশ্বৰূম বিধক বহুদেশৰ ৰাষ্ট্ৰপ্ৰধানে খাদ্য হিচাপে গ্ৰহণ কৰে। বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ এই সাফল্যই নিশ্চয়কে এক আশাৰ বতৰা কঢিয়াই আনিছে।

Comments (1)
Add Comment
  • Jeherul Islam

    ভাল পদখেব লৈছে গোৱেশেক সকলে | চৰকাৰে যদি এতিয়া কৃষক সকলোক ইয়াৰ প্ৰোশিখন দিয়াৰ বেৱস্থা কৰে |কৃষকসকলৰ নিশ্চই উপকাৰ হব |