উদ্বোধন হ’ল সুৰ সপ্তক মহাবিদ্যালয়

শিৱসাগৰ জিলাৰ নামতি অঞ্চলৰ এক সাংস্কৃতিৱান পৰিয়ালৰ সন্তান প্ৰভাকৰ ফুকনৰ একক প্ৰচেষ্টাত গঢ় লৈ উঠা “সুৰসপ্তক” নামৰ এখন মহাবিদ্যালয় কালি এক আড়ম্বৰ পূৰ্ণ অনুষ্ঠানৰ মাজেৰে শুভ উদ্বোধন  হয়।নৱনীত হাজৰিকাই আঁত ধৰা উক্ত অনুষ্ঠানত নতুন কমলা বাৰী সত্ৰৰ বৰ বায়ন জনাৰ্দন ভূঞা,চন্দ্ৰ হাজৰিকা,প্ৰফুল্ল বৰা,পৰমা কাকতি, নামতি পিয়লি ফুকন মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ ধ্ৰুৱজ্যোতি নাথ,সাংবাদিক কৌস্তুৱ মণি কাকতিকে প্ৰমুখ্যে বহু কেইজন বিশিষ্ট ব্যক্তিযে অংশগ্ৰহণ কৰে।
 
বহু কেইটা সংস্কৃতিক কায্যসূচী মাজেৰে আৰম্ভণি হোৱা অনুষ্ঠানটোত বিশেষ ভাবে উপস্থিত থাকি ইণ্ডিয়ান আইডলৰ হৰ্ষিত নাথে দুটাকৈ গীত পৰিবেশন কৰি অনুষ্ঠান টোৰ সৌষ্ঠৱ বৃদ্ধি কৰে।
 
ক’ৰণা আতংকৰ সময়ত দেশত দিয়া লক ডাউন সুযোগ গ্ৰহন কৰি মহাবিদ্যালয়ৰ গৃহটি শুভাকাংক্ষী
সহযোগত নিৰ্মাণৰ কাম সুচাৰুভাৱে সমাপন কৰি আজিৰ এই শুভ দিনটোত শুভাৰম্ভ কৰে। উল্লেখযোগ্য যে এই সুৰসপ্তক সংগীত মহাবিদ্যালয় ত অভিজ্ঞ শিক্ষকৰ দ্বাৰা সত্ৰীয়া নৃত্য,বৰগীত,সংগীত,আধুনিক নৃত্য,নাট্য কলা,চিত্ৰ কলা,খোল,গায়ন বায়েন আৰু যোগৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে বুলি জানিবলৈ দিয়া প্ৰভাকৰ ফুকনে লগতে অনাগত দিনত সকলো ৰাইজৰে সহায় সহযোগিতা কামনা কৰিছে।

Comments (0)
Add Comment