এজন নতুন প্ৰধান সেৱক লাভ কৰিলে বি টি চি বাসীয়ে

অৱশেষত সকলো জল্পনা কল্পনাৰ অন্ত পৰিল। বি টি চি বাসীয়ে লাভ কৰিলে এজন নতুন নেতৃত্ব দিব পৰা প্ৰাৰ্থী।ঘোষণা হ’ল বিটিচিৰ এগৰাকী প্ৰধান সেৱকৰ নাম।
বি টি চিৰ নিৰ্বাচনৰ পাছত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত আজি ইউ পি পি এলৰ মুৰব্বী প্ৰমোদ বড়ো,গণ সুৰক্ষা পাৰ্টীৰ মুৰব্বী তথা সাংসদ নৱ কুমাৰ শৰণীয়াৰ লগতে ৰাজ্যিক বিজেপি সভাপতি সৈতে হোৱা বৈঠকৰ অন্তত প্ৰমোদ বড়ো নাম ঘোষণা কৰে।
উল্লেখযোগ্য যে বিটিচিৰ পৰৱৰ্তী পৰিষদ গঠন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ চৰকাৰী আৱাসগৃহত গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছিল আৰু এই বৈঠকত পাছতেহে সিদ্ধান্ত গ্ৰহণ কৰে ।উক্ত বৈঠকত বিটিচিৰ ২১ গৰাকী নৱ নিৰ্বাচিত সদস্যও অংশগ্ৰহণ কৰে।আনহাতে বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জয় প্ৰকাশ নাডাৰ লগতে গৃহমন্ত্ৰী অমিত শ্বাহেও বিটিচিৰ নিৰ্বাচনৰ ফলাফলৰ বাবে দলীয় নেতৃত্বলৈ টুইটাৰত শুভেচ্ছা জ্ঞাপন কৰে।

Comments (0)
Add Comment