এজন ব্যক্তিৰ প্ৰচেষ্টাত সজাগতামূলক অভিযান আৰম্ভ হৈছে

সমগ্ৰ দেশতে অব্যাহত আছে ক’ৰণা ভাইৰাছৰ ভয়াৱহতা। এই ভয়াৱহতাৰ বিৰূদ্ধে স্বাস্থ্য বিভাগে সজাগতা অভিযান এতিয়ালৈকে অব্যাহত ৰাখিছে। সমান্তৰালভাৱে চেলেংহাট হেলথ ক্লাবৰ উদ্যোগতো আৰম্ভ হৈছে ক’ৰণা সজাগতা মূলক অভিযান।
 
 
স্মৰ্তব্য যে চেলেংহাট হেলথ ক্লাবৰ প্ৰতিষ্ঠাপক সভাপতি তথা এগৰাকী সমাজকৰ্মী তুষাৰ পালে সম্পূৰ্ণ নিজা খৰচত মহামাৰী ক’ৰণা ভাইৰাছৰ বিৰুদ্ধে ৰাইজক সজাগ কৰিবৰ বাবে নীতি নিৰ্দেশনা সম্বলিত বেনাৰ প্ৰস্তুত কৰিছে। এই বেনাৰ সমূহ ৰাজহুৱা স্থানত অঁৰাৰ লগতে ৰাইজৰ মাজত বিনামূলীয়াকৈ মাস্ক বিতৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে।
 
 
এই সজাগতা অভিযান কাৰ্যসূচীখন চেলেংহাট গ্ৰামীন বিকাশ বেংকৰ সন্মুখত আনুষ্ঠানিক ভাৱে কালি শুভাৰম্ভ কৰা হয়।শুভাৰম্ভ কাৰ্যসূচী খনৰ আঁত ধৰে বিশিষ্ট ক্ষুদ্ৰ চাহ খেতিয়ক দিগন্ত প্ৰদীপ নেওগে। অনুষ্ঠানত উদ্দেশ্য বাখ্যা কৰে তুষাৰ পালে। শুভাৰম্ভণী অনুষ্ঠানত চেলেংহাট আৰক্ষী চকীৰ আৰক্ষী বিষয়া প্রবীন নেওগৰ লগতে বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
খবৰ যুগুতালে মৰিয়ণীৰ পৰা জ্যোতি প্ৰসাদ গগৈয়ে..

Comments (0)
Add Comment