এন ডি আৰ এফে গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদ চেনিটাইজ কৰিলে

গুৱাহাটীৰ আজাৰা পাটগাঁওস্থিত প্ৰথম ৰাষ্ট্ৰীয় দুৰ্যোগ সহাঁৰি বাহিনীয়ে(এন ডি আৰ এফ)কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ নিৰ্দেশনাত লকডাউন আৰম্ভ হোৱাৰ পিছৰে পৰা ক’ৰণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে ৰাজহুৱা স্থান, অনুষ্ঠান, প্ৰতিষ্ঠান সমূহত চেনিটাইজ কৰা তথা বীজাণুনাশক পানী ছটিওৱাৰ সমান্তৰালভাৱে আৰ্তজনক ৰন্ধা আহাৰ যোগান ধৰি সহায়ৰ হাত আগবঢ়াই আহিছে।
 
 
৩০এপ্ৰিলৰ দিনা কমাণ্ডেণ্ট ৰণধীৰ সিং গীলৰ তত্বাৱধানত বাহিনীটোৰ এটা দলে গুৱাহাটী বিশ্ববিদ্যালয়ৰ মুখ্য প্ৰৱেশদ্বাৰকে ধৰি চৌহদ সমূহত বীজাণুনাশক হাইপোলাৰাইট মিশ্ৰিত পানী ছটিয়াই ছেনিটাইজ কৰে। সমান্তৰালভাৱে আন এটা দলে আৰ বি আইৰ গুৱাহাটীস্থিত আঞ্চলিক কাৰ্যালয়ত চৌহদতো বীজাণুনাশক পানী ছটিয়াই ছেনিটাইজ কৰে। বাহিনীটোৰ সূত্ৰই সদৰী কৰা মতে লকডাউন দিয়াৰে পৰা গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানৰ প্ৰায় আঢ়ৈ হাজাৰৰো অধিক লোকক খোৱাৰ খাদ্য যোগান ধৰি আহিছে।

Comments (0)
Add Comment