ঐক্য সেনা অসমে আৰ্তজনক বিতৰণ কৰিলে খাদ্য সামগ্ৰী

ক’ৰণা মহামাৰীৰ বাবে ৰাজ্যত লকডাউন অব্যাহত আছে। এই বৰ্দ্ধিত লকডাউন প্ৰক্ৰিয়াই সকলোকে জুৰুলা কৰিছে। বিশেষকৈ শ্ৰমিক, ক্ষুদ্ৰ ব্যৱসায়ী আদিয়ে দুঃচিন্তাত মূৰে কপালে হাত দিব লগা হৈছে।
 
 
 
এনে সময়তে কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত আৰু ঐক্য সেনাই ভৰলুৰ শান্তিপুৰ এলেকাত খাদ্য সামগ্ৰী বিতৰণ কৰে। সামাজিক দূৰত্ব মানি তিনি শতাধিক লোকৰ মাজত চাউল, দাইল, মিঠাতেল, নিমখ বিতৰণ কৰে।
 
 
এই অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত ৰাতুল পাঠক, মিনাক্ষী বৰ্মন , চন্দ্ৰপুৰ ৰাজহ চক্ৰৰ বিষয়া পুলকেশ ৰায়বৰুৱা, পশু চিকিৎসা বিভাগৰ কনিষ্ঠ সহায়ক চিন্ময় নায়ক, জলসিঞ্চন বিভাগৰ অভিযন্তা বিশাল ভূঞা, ঐক্য সেনা অসমৰ সঞ্জীৱ মহন্ত, কমল কুমাৰ, সাংবাদিক ৰুবুল দাস, আৰোহণ ফাউণ্ডেশ্যনৰ সঞ্চালক সীমা বৰা, সমাজ কৰ্মী চিন্টু বৰা উপস্থিত থাকে।

Comments (0)
Add Comment