কনমানি মেৰিনাৰ সাফল্যত উৎফুল্লিত নগাঁওবাসী

নগাঁও জিলাৰ শেনচোৱাৰ কণমানি মেৰিনা দাসৰ সাফল্যত উৎফুল্লিত হৈ পৰিছে পৰিয়ালৰ লগতে নগাঁওবাসী। মেজিক বুক অব্ ৰেকৰ্ডত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে পূব শেনচোৱাৰ কণমানি মেৰিনা দাস নামৰ তৃতীয় শ্ৰেণীৰ এগৰাকী ছাত্ৰীয়ে।নগাঁও জিলাৰ সদৰ সমষ্টিৰ অন্তৰ্গত পূব শেনচোৱাৰ মেৰিনা দাস নামৰ ছাত্ৰীগৰাকীয়ে সৃজনশীল প্ৰতিভাৰ জৰিয়তে বিগত সময়চোৱাত নৃত্য চৰ্চা আৰু মডেলিঙৰ জৰিয়তে লাভ কৰা কৃতিত্বৰ আধাৰত ‘মেজিক বুক অব্ ৰেকৰ্ডত ‘স্থান পাবলৈ সক্ষম হোৱাৰ লগতে বৃহত্তৰ শেনচোৱা তথা নগাঁও জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে ।পূব শেনচোৱা নিবাসী সৌৰভ কুমাৰ দাস(বাবলু)আৰু অনামিকা বৰা দাসৰ একমাত্ৰ কন্যা মেৰিনা দাসে ক`ভিডৰ ভয়াবহ পৰিস্থিতিৰ মাজতে নৃত্যকলা আৰু মডেলিঙৰ জৰিয়তে এই কৃতিত্বৰ অধিকাৰী হোৱাত স্থানীয় ৰাইজ উৎফুল্লিত হৈ পৰিছে ।বৰ্তমান সন্দিপানী বিদ্যামন্দিৰত তৃতীয় শ্ৰেণীত অধ্যয়নৰত ছাত্ৰীগৰাকী শিশু অৱস্থাৰ পৰাই নৃত্যকলা আৰু মডেলিঙৰ প্ৰতি আগ্ৰহী আছিল।যাৰবাবে লোকনৃত্য ,আধুনিক নৃত্য চৰ্চাত আৰু সাধনাত ব্ৰতী হোৱাৰ লগতে বিশেষভাৱে মডেলিঙতো মনোনিবেশ কৰিছিল ।স্কুলীয়া শিক্ষাৰ সমান্তৰালভাৱে বহু কেইগৰাকী নৃত্যগুৰুৰ ওচৰত কণমানি মেৰিনাই নৃত্য আৰু মডেলিঙৰ আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিছিল। নিজৰ প্ৰতিভাৰ জৰিয়তে বিভিন্ন সময়ত লাভ কৰা নৃত্য আৰু মডেলিঙৰ ক্ষেত্ৰত সন্মান, পুৰস্কাৰ আদিৰ প্ৰমাণ পত্ৰ সমূহ হাৰিয়ানাৰ ‘মেজিক বুক অব্ ৰেকৰ্ড ‘কতৃপক্ষলৈ প্ৰেৰণ কৰাৰ পিছতে অনলাইনযোগে তেওঁক ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই সন্মান প্ৰদান কৰে ।
বাতৰি যুগুতালে নগাঁৱৰ পৰা ৰাহুল দেৱ বৰদলৈয়ে

Comments (0)
Add Comment