কাইলৈ মুকলি হ’ব গুৱাহাটী-উত্তৰ গুৱাহাটী ৰ’পৱে সেৱা

৫ দিনৰ বাবে বন্ধ হৈ থকা গুৱাহাটী,উত্তৰ গুৱাহাটী সংযোগী ৰ’প ৱে’ সেৱা কাইলৈ পৰা পুনৰ মুকলি কৰা হ’ব।উল্লেখযোগ্য যে মেৰামতিৰ বাবে ৭ তাৰিখৰ পৰা ১১ তাৰিখলৈ মুঠ ৫ দিন ধৰি এই সেৱা বন্ধ আছিল।লগতে মক ড্ৰীলৰো এক ব্যৱস্থা কৰা হৈছিল । দুৰ্ঘটনাৰ সময়ত কেনেকৈ যাত্রীসকলক বচাব পাৰি এই সন্দৰ্ভত মক ড্ৰীলৰ ব্যৱস্থা কৰিছিল প্ৰশাসনে।গুৱাহাটী,উত্তৰ গুৱাহাটী মাজত যাতায়তৰ সুবিধাৰ বাবে মুকলি হোৱা এই সেৱা পুনৰ মুকলি হোৱাত যাত্রীসকল সময় অপচয়ৰ পৰা ৰক্ষা পৰিব।

Comments (0)
Add Comment