কামৰূপৰ ৰাইজ মেলত উপস্থিত থাকিব ডঃ দিব্যজ্যোতি শইকীয়া

মানুহ মানুহৰ বাবে শীৰ্ষক শ্লোগানেৰে কালিলৈ ৰাইজমেল অনুষ্ঠিত হ’ব কামৰূপৰ জিলাৰ বামুনি গাঁওৰ ভোৰকিবাৰীত।এই অনুষ্ঠানত উপস্থিত থাকিব আন্তৰ্জাতিক শান্তিৰ বাৰ্তাবাহক মানৱ অধিকাৰ তথা সমাজকৰ্মী ড° দিব্যজ্যোতি শইকীয়া। অসম চৰকাৰৰ বিজ্ঞান প্ৰযুক্তিবিদ্যা পৰিষদৰ উদ্যোগত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ সহযোগত ভোৰকিবাৰীত এই অনুষ্ঠানত অনুষ্ঠিত হ’ব।উল্লেখযোগ্য যে ড° দিব্যজ্যোতি শইকীয়াই সবল দাবীতেই অসমত অন্ধবিশ্বাস বিৰোধী তথা ডাইনী কাণ্ড প্ৰতিৰোধী আইন প্ৰণয়ন হয়।

Comments (0)
Add Comment