কামৰূপ মহানগৰ জিলাৰ উদ্যোগত পোষণ মাহ আৰু মাক্ৰ বন্দনা সপ্তাহ উদযাপন

মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়ে প্ৰধানমন্ত্ৰী মাক্ৰ বন্দনা যোজনা অধীনত ১ ছেপ্টেম্বৰ পৰা ৭ ছেপ্টেম্বৰলৈ সমগ্ৰ দেশতে মাক্ৰ বন্দনা সপ্তাহ আৰু ৯ ছেপ্টেম্বৰ পৰা ৩০ ছেপ্টেম্বৰলৈ ৰাষ্ট্ৰীয় পোষণ মাহ উদযাপন কৰাৰ সিদ্ধান্ত লৈছে।মন্ত্ৰালয়ৰ নিৰ্দেশনা অনুসৰি কামৰূপ মহানগৰ জিলাতো বিভিন্ন অনুষ্ঠান অনুষ্ঠিত কৰাৰ বাবে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে।১ ছেপ্টেম্বৰ তাৰিখে মাহ জুৰি হ’বলগীয়া কাৰ্যসূচী কলাক্ষেত্রৰ মাধৱদেৱে প্ৰেক্ষাগৃহত শুভাৰম্ভ হৈ যায়।সমাজ কল্যান বিভাগ,অসমৰ লগতে জিলা সমাজ কল্যান বিভাগ, কামৰূপ মহানগৰ উদ্যোগত উক্ত অনুষ্ঠানৰ লগতে সংগতি ৰাখি পোষণ অভিযান অধীনত এক অন্নপ্ৰসন্ন অনুষ্ঠান আয়োজন কৰা হয়।অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, সমাজ কল্যান বিভাগৰ মন্ত্ৰী অজন্তা নেওগ গুৱাহাটীৰ লোকসভাৰ সমষ্টিৰ সাংসদ কুইন ওজা আৰু লগতে কৃষি আৰু পশুপালন বিভাগৰ মন্ত্ৰী অতুল বৰাই উক্ত অন্নপ্ৰসন্ন অনুষ্ঠানত ভাগ লয়।
কামৰূপ মহানগৰ জিলা সমাজ কল্যান বিভাগৰ উদ্যোগত আয়োজন কৰা উক্ত অনুষ্ঠানত কেইবাটাও শিশুক মুখ্যমন্ত্ৰীয়ে নিজ হাতেৰে আহাৰ খুৱাই ৬ মাহৰ পৰা মাকৰ গাখীৰ লগতে পৰিপূৰক আহাৰ প্ৰয়োজনীয়তা বাৰ্তা দিয়ে।উক্ত দিনাই উদ্বোধন কৰা poshan an wheel শীৰ্ষক বাছ ২ ছেপ্টেম্বৰ তাৰিখে কামৰূপ মহানগৰ জিলা সমাজ কল্যান বিভাগৰ কাৰ্য্যালয়ৰ পৰা ইয়াৰ যাত্ৰা আৰম্ভ কৰে।উক্ত বাছখনে পোষণ মাহ আৰু মাক্ৰ বন্দনা সপ্তাহৰ বাৰ্তা লৈ কামৰূপ মহানগৰ জিলাৰ বিভিন্ন ঠাইত ৰৈ জনসাধাৰণৰ মাজত লিফলেট বিতৰণ লগতে সজাগতা সৃষ্টি কৰিছে।কামৰূপ মহানগৰ জিলাৰ পৰা এই যাত্ৰাৰ শুভাৰম্ভ কৰে নিবেদন দাস পাটোৱাৰী, জিলা উন্নয়ন আয়ুক্ত আৰু সুস্বপ্না কাকতি,অতিৰিক্ত উপায়ুক্ত,কামৰূপ মহানগৰ জিলা।ইয়াৰ লগতে পোষণ মাহ মাক্ৰ বন্দনা সপ্তাহৰ বিভিন্ন কাৰ্যসূচী যেনে মাক্ৰ বন্দনা তথ্য কেন্দ্ৰ,চেলফি কৰ্ণাৰ,পোষন ৰাতিকা,মোবাইল অংগনবাডী কেন্দ্ৰ ইত্যাদি যাৱতীয় প্ৰস্তুতি কৰি তোলা হয়।

Comments (0)
Add Comment