কামৰূপ মহানগৰ জিলা নেহেৰু যুৱ কেন্দ্ৰৰ উন্নয়ন খণ্ড ভিত্তিত ক্ৰীড়া উৎসৱ

ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰণালয়ৰ অধীনস্থ নেহেৰু যুৱ কেন্দ্ৰ সংগঠনে গোটেই ভাৰতবৰ্ষতে আৰম্ভ কৰা উন্নয়ন খণ্ড ভিত্তিত ক্ৰীড়া উৎসৱৰ অংশ হিচাপে কামৰূপ মহানগৰ জিলা নেহেৰু যুৱ কেন্দ্ৰই ৰাণী, ডিমৰীয়া, বেজেৰা আৰু চন্দ্ৰপুৰ উন্নয়ন খণ্ডত প্ৰতিটো উন্নয়ন খণ্ডত দুদিনীয়া কাৰ্যসূচীৰে ল’ৰা-ছোৱালী উভয়ৰে মাজত কাবাডী, খো-খো, ভলীবল আৰু এথেলেটিকচ প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ ৰাণী উন্নয়ন খণ্ডত অনুষ্ঠিত হোৱা এই কাৰ্যসূচীত ক্ৰীড়া সংগঠক ড° নিজৰা জানাত , শ্যামলী শইকীয়া , অঞ্জনা দাস হাজৰিকা, নেহেৰু যুৱ কেন্দ্ৰৰ গাণনিক আৰু কাৰ্যসূচী পৰ্যবেক্ষক জীৱন চন্দ্ৰ দলে অতিথি হিচাপে উপস্থিত থাকি ভাষন প্ৰদান কৰে ৷ দহটাৰো অধিক খেলুৱৈ দলে অংশগ্ৰহণ কৰা বিজয়ী আৰু বিজিত দলক ট্ৰফি আৰু মানপত্ৰ প্ৰদান কৰা হয় ৷ বেজেৰা উন্নয়ন খণ্ডৰ এ ভি এম এডুকেচন চ’চাইটিৰ উদ্যোগত শালবাৰী প্ৰাথমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত কাবাডী আৰু ভলীবল প্ৰতিযোগিতাত যথাক্ৰমে চন্দ্ৰপুৰ উদয়ন ৱেলফেয়াৰ চ’ছাইটি আৰু অসম বিদ্যা মন্দিৰ ক্লাবে বিজয়ীৰ সন্মান লাভ কৰে ।
ড° ৰমেন চন্দ্ৰ তালুকদাৰ, ৰানী বৰুৱা, ক্ৰীড়া সংগঠক প্ৰণৱ ৰাজবংশী, নয়ন কলিতা আৰু নয়নমণি বড়োৱে উপস্থিত থাকি বিজয়ী দলক বঁটা প্ৰদান কৰে ৷ ডিমৰীয়া উন্নয়ন খণ্ডৰ সোণাপুৰ ক্ৰীড়া সংস্থাৰ খেলপথাৰত অনুষ্ঠিত ভলীবল আৰু খো-খো প্ৰতিযোগিতাত ক্ৰীড়া সংগঠক নব কলিতা, প্ৰদীপ কুমৈ, মহেশ বড়ো লগতে গাওঁপ্ৰধান বিপুল বৰুৱা উপস্থিত থাকি বিজয়ী আৰু বিজিত দলক বঁটা প্ৰদান কৰে ৷ চন্দ্ৰপুৰ উন্নয়ন খণ্ডৰ একতা প্ৰগতি যুৱ সংঘৰ উদ্যোগত অনুষ্ঠিত কাবাডী আৰু ভলীবল প্ৰতিযোগিতাত যথাক্ৰমে নালনী তৰুণ জ্যোতি যুৱক সংঘ আৰু ভেৰভেৰে জুনিয়ৰ ক্লাবে বিজয়ী দলৰ সন্মান অৰ্জন কৰে ৷ অনুষ্ঠানত প্ৰধান শিক্ষক প্ৰদীপ তালুকদাৰ, স্বাস্থ্য বিষয়া নাথুৰাম বিশ্বাস আৰু সমাজ সংগঠক দশৰথ বিশ্বাস লগতে ক্ৰীড়া সংগঠক সন্তোষ মণ্ডল, নাৰায়ণ বিশ্বাস আৰু সূৰ্য বিশ্বাস উপস্থিত থাকি বঁটাসমূহ প্ৰদান কৰে ৷

Comments (0)
Add Comment