কিছু ইতিবাচক খবৰে

ড° এ পি জে আব্দুল কালামৰ জীৱন গাঁথাৰ ওপৰত নিৰ্মিত “হে কালাম আপক’ হিন্দুস্তান কা চালাম” শীৰ্ষক এখন তথ্যচিত্ৰ গুৱাহাটীৰ বি বৰুৱা কলেজৰ সমীপৰ ‘নেকষ্ট শ্ব’ ৰুমত অাজি মুকলি হয়। উল্লেখযোগ্য যে কালামৰ আদৰ্শ, কৰ্মপন্থা, উত্তৰ প্ৰজন্মৰ মাজত জনপ্ৰিয় কৰাৰ উদ্দেশ্যেৰে এনে পদক্ষেপ গ্ৰহণ কৰিছে বুলি মহেন্দ গৌড়ৰে জানিবলৈ দিয়ে। হিন্দী ভাষা নিৰ্মিত তথ্য চিত্ৰ খন বলুকাত অংকন কৰিছে শিল্পী ৰবীন বড়ে। তথ্য চিত্ৰ খনৰ দৈৰ্ঘ্য ১০ মিনিট ১০ ছেকেণ্ডৰ। স্মৰ্তব্য যে ইয়াৰ পূৰ্বে মহেন্দ গৌড়ে “দ্য লিজেণ্ড অৱ লাচিত বৰফুকন” নামৰ তথ্যচিত্ৰখন নিৰ্মাণ কৰি দেশৰ লগতে বিদেশতো জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল।

চানচাইন একাডেমিৰ উদ্যোগত মহানগৰীস্থিত হোটেল লিলিত “মেকআপ” প্ৰতিযোগিতা অনুষ্ঠিত হয়। অসমৰ লগতে উত্তৰ পূবৰ ৪০ গৰাকী মেক আপ আৰ্টিষ্ট আৰু মডেলে অংশগ্ৰহণ কৰে। অনুষ্ঠানটো আগবঢ়াই নিয়াত সহযোগ কৰে প্ৰসিদ্ধ কোম্পানী VLCC য়ে। অনুষ্ঠানটো আয়োজন কৰাৰ সৰ্ন্দভত সঞ্চালিকা জুৰি শইকীয়াই মন্তব্য কৰে যে ‘মেকআপ’ ৰ বৃত্তিটোক জনপ্ৰিয় কৰাৰ উদ্দেশ্যে আগত ৰাখি এই অনুষ্ঠানটো আয়োজন কৰা হৈছে। নৱপ্ৰজন্মৰ অংশগ্ৰহণে উৎসাহিত কৰি তুলিছে।

এশ এবুৰি সমস্যাৰে ভাৰাক্ৰান্ত মহানগৰবাসীয়ে দিনে দিনে ভোগ কৰিব লগাত পৰিছে নানান সমস্যাৰ। সেয়েহে আমি কথা পাতিছিলো মেয়ৰৰ সৈতে। বুজ লৈছিলো বাট পথ, ষ্টীট লাইট, কৃত্ৰিম বানপানী, খোৱাপানী, বজাৰ ব্যৱস্থা, পাৰ্কিং জ’ন, জাৱৰ নিস্কাষণ, সৌন্দৰ্য্য বৰ্ধনৰ বাবে ৰোপন কৰা ফুল গছ আদিৰ সম্পৰ্কে। তেখেতৰ পৰা জানিব পৰা কেইটামান গুৰুত্বপূৰ্ণ তথা ইতিবাচক খবৰ আপোনালোকলৈ আগবঢ়ালো। মহানগৰীৰ মেয়ৰ মৃগেন শৰণীয়াৰ মতে উন্নয়ন মূলক কামৰ বাবে অতি শীঘ্ৰে ১ কোটি ৩০ লাখ টকা Councillor দিয়া হ’ব। পোহনীয়া মৃত জন্তুৰ বাবে এখন শ্মশানৰ ব্যৱস্থা কৰা হ’ব। জাৱৰ নিস্কাষণ কৰি পুনৰ ব্যৱহাৰ যোগ্য ব্যৱস্থা কৰিবলৈ প্ৰচেষ্টা হাতত লোৱা হৈছে। অতি শীঘ্ৰে অস্থায়ী ৰূপত বজাৰ গৃহৰ ব্যৱস্থা ঠাই বিশেষে কৰা হ’ব বুলি জানিবলৈ দিয়ে। ডেংগুৰ দৰে মাৰাত্মক ৰোগৰ পৰা ৰক্ষা পাবলৈ জুলাই মাহৰ পৰা ফগিংৰ ব্যৱস্থা বাৰ্ড সমূহত কৰাৰ কথা জানিবলৈ দিয়ে। মনকৰিবলগীয়া যে পূৰ্বৰ তুলনাত ডেংগু ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা হ্ৰাস পাইছে। “প্ৰজেক্ট জ্যোতি” আঁচনিয়ে ভাৰত বৰ্ষৰ ভিতৰত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছিল। উৎসৱত ব্যৱহাৰ কৰা মূৰ্ত্তি সমূহ ৰাস্তাত পেলাই নথৈ তথা দেৱালীৰ সময়ত স্বচ্ছতা বজাই ৰাখিবলৈ সকলোকে nefocus.comৰ যোগেদি আহ্বান জনাইছে।

Comments (0)
Add Comment