কৃতজ্ঞতা দিৱস উদযাপন

ৱেব পৰ্টেল ফাৰ্ষ্ট নিউজ ৰিপ’ৰ্টে বুধবাৰে দ্বিতীয় বৰ্ষ অতিক্ৰমী তৃতীয় বছৰত ভৰি দিলে। এই উপলক্ষে গুৱাহাটীত আৰু ডিব্ৰুগড়ত সতীৰ্থসকলে লক ডাউনৰ নীতি নিয়মৰ মাজেৰে আয়োজন কৰে “কৃতজ্ঞতা দিৱস” । ৰাজ্যৰ কেবাটাও অঞ্চলত মিঠাইও বিতৰণ কৰে সতীৰ্থই। লক ডাউনৰ বাবে সামাজিক দূৰত্ব বজাই ৰাখি গুৱাহাটীৰ হাটীগাঁৱস্থিত ফাৰ্ষ্ট নিউজ ৰিপ’ৰ্টৰ কাৰ্যালয়ত অনুষ্টুপী য়াকৈ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী কৃতজ্ঞতা দিৱস হিচাপে পালন কৰা হয়।
 
জ্যেষ্ঠ সাংবাদিক বাবু ৰাভা হাকাচামে পৌৰহিত্য কৰা সভাখনত উপস্থিত থাকে ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ উত্তৰ অসম প্ৰান্তৰ কাৰ্যালয় প্ৰমুখ কানুৰাম ডেকা, ভাৰতীয় কিষাণ সংঘৰ প্ৰান্তৰ সংগঠন মন্ত্ৰী কৃষ্ণকান্ত বৰা, ৰামসেনাৰ প্ৰমুখ দেৱজিত ডেকা, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ কাৰ্যকৰ্তা ৰঞ্জীৱ কুমাৰ শৰ্মা, ৰামসেনাৰ সাংগঠনিক সম্পাদক ত্ৰিদিপ কলিতা, ৰামধেনু কনষ্ট্ৰাকশ্যনৰ স্বত্বাধিকাৰী ৰুকচানা বেগম, সমাজসেৱিকা তৃষ্ণা দেৱী আদিয়ে উপস্থিত থাকে। আদৰণি ভাষণ দিয়ে ফাৰ্ষ্ট নিউজ ৰিপ’ৰ্টৰ সম্পাদক দ্বীপজ্যোতি ডেকাই। অনুষ্ঠানত কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকি চমু বক্তব্য আগবঢ়ায়। সভাত ফাৰ্ষ্ট নিউজ ৰিপ’ৰ্টৰ সাংবাদিক অপৰ্ণা গগৈ, দীপাঞ্জলি ডেকা, সূৰ্য্য বড়ো, পহৰেদ আলি আহমেদ
আদি উপস্থিত থাকে।

Comments (0)
Add Comment