কৃষি সিচাই যোজনাই ৫লাখ কৃষকক সামৰি লোৱা হ’ব -মুখ্যমন্ত্ৰী

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি কৃষি বিভাগৰ উচ্চপদস্থ বিষয়াসকলৰ সৈতে ৰাজ্যখনত বিভাগৰ দ্বাৰা ৰূপায়িত হৈ থকা আৰু ৰূপায়ন কৰিবলগীয়া কৃষি আঁচনি সমূহৰ পৰ্য্যালোচনা কৰে।মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী কৃষি সিচাই যোজনাখন ক্ষীপ্ৰ গতিত ৰূপায়ন কৰাৰ বাবে নিৰ্দেশ দি কয় যে আঁচনিখনৰ জৰিয়তে যাতে অধিক সংখ্যক কৃষকক সামৰি ল’ব পৰা যায় সেই উদ্দেশ্যেৰে সচেতনতা সৃষ্টিৰ ওপৰতো গুৰুত্ব আৰোপ কৰিব লাগিব ।জানিব পৰা মতে আঁচনিখনৰ জৰিয়তে ৫লাখ কৃষকক সামৰি লোৱা হ’ব।বৈঠকত মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ সম্পৰ্কতো বিতংভাৱে আলোচনা কৰা হয়।বৈঠকত কৃষিমন্ত্ৰী অতুল বৰা, মেডিয়া উপদেষ্টা হৃষীকেশ গোস্বামী, মুখ্যমন্ত্ৰী আইন উপদেষ্টা শান্তনু ভৰালীকে আদি কৰি বহুকেইজন গণ্য মান্য ব্যক্তি উপস্থিত থাকে ।

Comments (0)
Add Comment