কৃষ্টি পথাৰে সম্বৰ্দ্ধনা জনাব ৫০জন ব্যক্তিক

বৰপেটা জিলাৰ সৰ্থেবাৰীৰ নেউলাৰভিঠাৰ পৰা  আত্মপ্ৰকাশ কৰা সাহিত্য, সামাজিক আৰু সাংস্কৃতিক কেন্দ্ৰ কৃষ্টি পথাৰে বিগত বছৰৰ দৰে এইবাৰো আয়োজনৰ কৰিছে কৃষ্টি এৱাৰ্ডচ অনুষ্ঠান।অহা ৬ ডিচেম্বৰত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৰাজ্যৰ লগতে বহিঃৰাজ্যৰ ভিন্ন ক্ষেত্ৰৰ পঞ্চাছ জনকৈ বিশিষ্ট ব্যক্তিলৈ কৃষ্টি এৱাৰ্ডচ প্ৰদান কৰিব।
 
এইবেলি সাহিত্যশ্ৰী বঁটা-২০২০ আৰু কাব্যশ্ৰী বঁটাৰ বাবে নিৰ্বাচন কৰা হৈছে ৰাজ্য খনৰ অন্যতম সাহিত্য- সাংস্কৃতিক অনুষ্ঠান বিৰিণা গোষ্ঠী,অসমৰ সহকাৰী সম্পাদক তথা প্ৰতিষ্ঠিত কবি ৰমণী নাথ আৰু বিৰিণাৰ বিশেষ প্ৰতিনিধি বিশিষ্ট লেখিকা কৰ্ণাটকৰ মাংগালোৰ নিবাসী ৰুমী ঠাকুৰীয়াক।
 
দু:স্বপ্নৰ দহন, জোনাক হৈ আহিবা,মুকুল প্ৰভাৱ কথাৰে আদি কেইবাখনো গ্ৰন্থৰ স্ৰষ্টা বৰ্তমান কৰ্ণাটকৰ মাংগালোৰ বাসিন্দা ৰুমী ঠাকুৰীয়াই বাতৰিকাকত, আলোচনী আদিত ভিন ভিন বিষয় বস্তু ওপৰত নিবন্ধ লিখি ইতিমধ্যে সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।এগৰাকী কন্ঠশিল্পী আৰু চিত্ৰশিল্পী হিচাপেও খ্যাতি লাভ কৰা ৰুমী ঠাকুৰীয়াই কিছুবছৰ শিক্ষকতাও কৰিছিল।

Comments (0)
Add Comment