কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ত জাপানী ভাষাৰ পাঠ্যক্ৰম সন্নিবিষ্ট

কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় গ্ৰহণ কৰিছে এক গুৰুত্বপূৰ্ণ পদক্ষেপ।বিশ্ববিদ্যালয়খনে ১৬ নৱেম্বৰত অনলাইন যোগে জাপানী ভাষা আৰু সংস্কৃতি সম্বন্ধীয় এক পাঠ্যক্ৰম আৰম্ভ কৰিছে।
 
গোলকীয় পৃথিৱীত ভিন্ন ভাষা শিকাৰ প্ৰয়োজনীয়তা আৰু আন্ত:সাংস্কৃতিক বিনিময়ৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি বিশ্ববিদ্যালয়খনে প্ৰণয়ন কৰা পাঠ্যক্ৰম জাপানৰ নতুন দিল্লীস্থিত জাপান ফাউণ্ডেশ্যনে সহযোগ কৰিছে। অনুষ্ঠানটোৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে জাপান ফাউণ্ডেশ্যনৰ সঞ্চালক প্ৰধান কাউৰো মিয়াম’ট, জাপানী ভাষা আৰু অধ্যয়ন সঞ্চালক কৌছ’কেনগুচি,বিশ্ববিদ্যালয়খনৰ ডীন ড°দিব্যজ্যোতি মহন্ত,আৰু বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক ড° অৰূপজ্যোতি চৌধুৰী।

Comments (0)
Add Comment