কেন্দ্ৰীয় বাঁহ গোঁসাই উৎসৱৰ সফল সামৰণি

সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ উদ্যোগত আৰু দৰঙাজুলি আঞ্চলিক শৰণীয়া-কছাৰী ছাত্ৰ সন্থাৰ সহযোগত বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ কুমাৰীকাটা মিঠাৰাম দাস সমন্বয় ক্ষেত্ৰত সোমবাৰৰ পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা শৰণীয়া কছাৰী জনগোষ্ঠীৰ কেন্দ্ৰীয় বাঁহ গোঁসাই উৎসৱৰ মঙলবাৰে সফল সামৰণি পৰে।
মঙলবাৰে পুৱাৰে পৰা নামনি অসমৰ জিলা কেইখনৰ পৰা শৰণীয়া-কছাৰী জনগোষ্ঠীৰ লোকসকলে পৰম্পৰাগত সাজ পৰিধান কৰি একোডাল বাঁহ গোঁসাই লৈ ঢোল ,তাল,শংখ, দবা আদিৰ শব্দৰে মুখৰিত কৰি কেন্দ্ৰীয় বাঁহ গোসাইস্থলীত উপস্থিত হয়।বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ কুমাৰীকাটাৰ শৰণীয়া কছাৰী জনগোষ্ঠীৰ কেন্দ্ৰীয় বাঁহ গোঁসাই উৎসৱস্থলী মিঠাৰাম দাস সমন্বয় ক্ষেত্ৰ এক তীৰ্থ ক্ষেত্ৰলৈ পৰিণত হয়।
বিভিন্ন প্ৰান্তৰ পৰা শতাধিক বাঁহ গোঁসাই সজাই-পৰাই এক মাঙ্গলিক পৰিৱেশেৰে উৎসৱস্থলীত নিৰ্মাণ কৰা গোঁসাই ঘৰত স্থাপন কৰে। ইয়াৰ আগতে বাঁহ গোঁসাই লৈ উৎসৱস্থলীত উপস্থিত হোৱা দল সমূহে নিজৰ নিজৰ দলৰ বাঁহ গোঁসাই লৈ কুমাৰীকাটা চহৰৰ মাজেৰে পাঁচ কিলোমিটাৰ জোৰা পথ সমদল কৰি পানবাৰী-বাটাবাৰী হৈ পুনৰ উৎসৱস্থলীত উপস্থিত হয়।
সম্পূৰ্ণ কোভিড প্ৰট’কল মানি শৰণীয়া কছাৰী জনগোষ্ঠীৰ কেন্দ্ৰীয় বাঁহ গোঁসাই উৎসৱ পালন কৰা হয় ।

Comments (0)
Add Comment