ক্ৰীড়াপ্ৰেমী সকলৰ বাবে সুখবৰ

ক্ৰীড়া প্ৰেমী সকলৰ বাবে সুখবৰ। ধিং এক্সপ্ৰেছ খ্যাত হিমা দাসে টকিঅ অলিম্পিকৰ বাবে যোগ্যতা অর্জন কৰিছে।এতিয়া মাথো আনুষ্ঠানিক ঘোষণাহে বাকী আছে।এই খবৰৰ বাবে হিমা পৰিয়ালৰ লোক তথা হিমা ফ্রেণ্ড ক্লাৱৰ সদস্য সকলে উৎফুল্লিত হৈ পৰিছে।
হিমাৰ সফলতাৰ বাবে পিতৃ মাতৃয়ে পুৱা গধূলি নামঘৰত প্ৰাৰ্থনা কৰিছে।উল্লেখযোগ্য যে হিমা দাসে চাৰিশ মিটাৰ ৰিলেত যোগ্যতা অর্জন কৰিবলৈ সক্ষম হৈছে।আনহাতে স্বৰ্ণ কন্যা হিমা দাসেও সফলতাৰ বাবে অসমবাসীৰ আশীষ বিচাৰিছে।

Comments (0)
Add Comment