ক’ৰণাৰ সম্পৰ্কে সজাগতা সৃষ্টি কৰিছে এদল যুৱকে

বিশ্বত ক’ৰণা ভাইৰাছে সংহাৰী ৰূপ ধাৰণ কৰাৰ সময়তে জনসাধাৰণক সজাগ কৰিবলৈ ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰিছে সোণাৰিৰ একাংশ উদীয়মান যুৱকে। ৰাতুল, পংকজ, প্ৰযোজ্য, নন্দন, ধনঞ্জয়, মিন্টুকে ধৰি একুৰি উদীয়মান যুৱকে অভিনৱ পদক্ষেপ গ্ৰহণ কৰিছে।
 
 
 
 
সমন্বয় এনাজৰী নামৰ এটা গোটৰ জৰিয়তে এই পদক্ষেপ যুৱককেইজনে লক ডাউনৰ সময়তে ৰাজপথত চিত্ৰ অংকন কৰি সজাগতা সৃষ্টি কৰিছে। সোণাৰিৰ চফ্ৰাই, অভয়পুৰ অঞ্চলৰ এইসকল সমাজ সচেতন উদীয়মান যুৱকে সামাজিক দূৰত্ব বজাই ৰাখি গ্ৰহণ কৰিছে এই পদক্ষেপ।
 
 
সোণাৰি, চফ্ৰাই, অভয়পুৰ আদি ঠাইত ৰাজপথৰ লগতে চফ্ৰাই চাহ বাগিচা চিকিৎসালয়ত ক’ৰণা ভাইৰাছৰ  সম্পৰ্কে চিত্ৰ অংকন কৰি  জনসাধাৰণক সজাগ  কৰি তুলিছে।যুৱক কেইজনৰ এই প্ৰচেষ্টাক আৰক্ষীয়ে  সহযোগিতা আগবঢ়াইছে।
খবৰ যুগুতালে সোণাৰিৰপৰা অভিজিৎ ভূঞাই..

Comments (0)
Add Comment