কৰ’ণা ভাইৰাছক প্ৰতিহত কৰিবলৈ বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে এজন চিকিৎসকে

কৰ’ণা ভাইৰাছে দেশজুৰি এক আতংকময় পৰিবেশ সৃষ্টি কৰাৰ সময়তে মৰিগাঁৱৰ বিশিষ্ট হোমিওপেথিক চিকিৎসক ডাঃ ৰঞ্জিত কুমাৰ নাথে সৰ্বসাধাৰণৰ মাজত সজাগতা বৃদ্ধি আৰু সংক্ৰমিত ৰোধ কৰা লক্ষ্যৰে হোমিওপেথিক চিকিৎসাৰ জৰিয়তে গ্ৰহণ কৰা পদক্ষেপক জিলাবাসীয়ে প্ৰশংসা কৰিছে।
উল্লেখ্য যে কৰ’ণা ভাইৰাছ প্ৰতিৰোধৰ ক্ষেত্ৰত দেশত হোমিওপেথিক চিকিৎসাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে দেশৰ স্বাস্থ্য সংস্থাই। দেশৰ উচ্চ স্বাস্থ্য সংস্থা আয়ুস(AYUSH)ৰ সঞ্চালক ডাঃ ৱাই লুখৈ সিং(Dr Y Lukhoi Sing)এ হোমিওপেথি চিকিৎসাক বিশেষ অগ্ৰাধিকাৰ দি আৰ্চেনিকম এলবাম নামৰ ভেকচিন ব্যৱহাৰৰ পৰামৰ্শ আগবঢ়াইছে। এই পৰামৰ্শৰ আধাৰতেই মৰিগাঁৱৰ বিশিষ্ট হোমিওপেথিক চিকিৎসক ডাঃ ৰঞ্জিত কুমাৰ নাথে সৰ্বসাধাৰণৰ লোকৰ সুবিধাৰ স্বাৰ্থত কেতবোৰ নিজা পদক্ষেপ গ্ৰহণ কৰি আছে।
সেই অনুসৰি তেখেতে মৰিগাওঁ নগৰৰ ন ভেটিস্থিত ডাঃ ৰঞ্জিত হোমিও ক্লিনিকৰ পৰা বিভিন্ন স্বেচ্ছাসেৱী অনুষ্ঠানৰ জৰিয়তে গাঁৱৰ সৰ্বসাধাৰণৰ লোক উপকৃত হ’ব পৰাকৈ ভেকচিন প্ৰদান কৰি আছে। তদুপৰি ব্যক্তিগত ভাবে ল’ব বিচৰা সকলকো তেওঁ ভেকচিন প্ৰদান কৰি থকা বুলি জানিবলৈ দিছে।
ইফালে ইয়াৰ সমান্তৰালকৈ জিলা প্ৰশাসনেও জিলা স্বাস্থ্য বিভাগৰ সহযোগত বিভিন্ন স্থানত সজাগতা মূলক ব্যৱস্থা কৰিছে। ইফালে কৰ’ণা ভাইৰাছৰ সজাগতা সন্দৰ্ভত ডাঃ ৰঞ্জিত কুমাৰ নাথে সৰ্বসাধাৰণক পৰামৰ্শ প্ৰদান কৰাৰ লগতে ভেকচিন গ্ৰহণ কৰিব বিচৰা ব্যক্তি সকলে একেৰাহে তিনি দিন গ্ৰহণ কৰিব লাগিব বুলি জানিবলৈ দিয়ে। উল্লেখ্য যে মৰিগাঁৱৰ বিশিষ্ট হোমিওপেথিক চিকিৎসক ডাঃ ৰঞ্জিত কুমাৰ নাথে হোমিওপেথিক চিকিৎসাৰ ক্ষেত্ৰত দেখুৱা পাৰদৰ্শিতা বাবে কেইবাৰো আন্তঃ ৰাষ্ট্ৰীয় হোমিওপেথিক চিকিৎসা সন্মিলনত অংশগ্ৰহণ কৰি গৌৰৱ কঢ়িয়াই আনিছে।
খবৰ যুগুতালে মৰিগাঁৱৰ পৰা ৰিতুমণি মহন্তই..

Comments (0)
Add Comment