ক’ৰণা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধ কৰিব পৰাকে দুটা অভিনৱ যন্ত্ৰ উদ্ভাৱন কৰিছে

ক’ৰণা ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধ কৰাৰ বাবে মিৰ্জাৰ এজন যুৱকে অভিনৱ সঁজুলি উদ্ভাৱন কৰিছে।মিলন জ্যোতি দাস নামৰ উদ্ভাৱক জনে অটোমেটিক চেনিটাইজ কৰিব পৰা টেপ আৰু  কাউণ্টাৰত ব্যৱহাৰ কৰিব পৰাকৈ যন্ত্ৰ উদ্ভাৱন কৰিছে।
 
এন ই ফ’কাচ ডট কম সৈতে হোৱা এক বাৰ্তালাপত মিলন জ্যোতি দাসে কয় যে ঘৰৰ পুৰণা সজুঁলিৰে যন্ত্ৰ দুটা প্ৰস্তুত কৰা হৈছে।ইতিমধ্যে তেজপুৰ মেডিকেল কলেজৰ পৰা যন্ত্ৰ ক্ৰয় কৰিবলৈ যোগাযোগ কৰাৰ কথা জানিবলৈ দিয়ে।স্মৰ্তব্য যে ইতিপূৰ্বে তেখেতে চেনিটাইজ কৰিব পৰা প্ৰৱেশদ্বাৰ উদ্ভাৱন কৰিছিল।

Comments (1)
Add Comment