ক’ৰনাৰ সংক্ৰমণৰ সম্পৰ্কত প্ৰধান মন্ত্ৰী বৈঠক অনুষ্ঠিত

ক’ৰনাৰ সংক্ৰমণ আকৌ দ্ৰুত গতিত বৃদ্ধি পাইছে।তৃতীয় ঢৌৰ পিছত পৰিস্থিতি কিছু শাম কাটিছিল যদিও বিগত কেইটামান দিন ধৰি নিম্নমুখী ক’ভিডৰ গ্ৰাফ পুনৰ উদ্ধগামী হৈছে।
বিশেষজ্ঞসকলে জুনত পুনৰ চতুৰ্থ ঢৌ অহাৰ সতৰ্কবাণী দিছে।ৰাজধানী দিল্লীত ক’ৰনাৰ সংক্ৰমণৰ ঘটনা নিয়ন্ত্ৰণহীন হৈ পৰিছে।

ক’ৰনাৰ বৰ্ধিত সংক্ৰমণৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ এখন বৈঠক আহ্বান কৰে।
এই বৈঠকত প্ৰধানমন্ত্ৰী মোদীয়ে সমগ্ৰ দেশৰ ক’ৰনা পৰিস্থিতিৰ পৰ্যালোচনা কৰে।ভিডিঅ’ কনফাৰেন্সত কেন্দ্ৰীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণে এক প্ৰেজেণ্টেচন আগবঢায়।আজিৰ এই বৈঠকত গৃহমন্ত্ৰী অমিত শ্বাহ, কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীৰ লগতে বিভাগীয় শীৰ্ষ বিষয়াসকল উপস্থিত থাকে।

Comments (0)
Add Comment