গুৱাহাটীৰ ৪টা বিশেষ স্থানৰ পৰাহে যাত্ৰীসকলে অন্য জিলালৈ যাত্ৰা কৰিব পাৰিব

লকডাউনৰ সময়ছোৱাত এখন জিলাৰ পৰা আন এখন জিলালৈ যাব বিচৰা সকলে ১০৪নম্বৰত ফোন কৰি যোগাযোগ কৰিছিল।সেই সকলে এছ এম এছৰ জৰিয়তে বাছৰ টিকট লাভ কৰিব।বাছখনৰ সবিশেষ তথ্য এছ এম এছ জৰিয়তে জানিব পাৰি বুলি অসম ৰাজ্যিক পৰিবহন নিগমৰ তৰফৰ পৰা জানিব পৰা গৈছে।
 
 
আনহাতে এই সুবিধাৰ বাবে আবেদন কৰা সকলে শনিবাৰে পুৱতি নিশা ৫বজাৰ পূৰ্বে এছ এম এছ লাভ কৰিব।ইফালে গুৱাহাটীৰ পৰা যাবলগীয়া যাত্ৰীসকলৰ বাবে ৪টা বিশেষ স্থান হৈছে পল্টন বজাৰ বাছ আস্থান,মাছখোৱা,আই এছ বি টি ,আৰু আদাবাৰী ।ৰাজ্যৰ আন জিলা সমূহৰ বৰ্ডিং পইণ্ট সমূহ হৈছে এ এছ টি চি বাছ আস্থান।

Comments (0)
Add Comment