গুৱাহাটী বিমানকোঠত ‘হুইল-চকী’ সেৱা

বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানকোঠত, দিনক-দিনে বৃদ্ধি পোৱা যাত্ৰীসকলৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি, বিমানকোঠ কতৃপক্ষই কেতবোৰ সহজতে উপলব্ধ হোৱা সেৱাৰ ব্যবস্থা কৰিছে। তাৰ ভিতৰত অন্যতম হৈছে প্ৰস্থান কক্ষৰ বাহিৰত এখন ফলকত বিমানকোঠত সকলো বিমান সেৱাৰ অধীনত থকা ‘হুইল চেয়াৰ’ সেৱাৰ ফোন নম্বৰ সমূহ তালিকা আকাৰত প্ৰদৰ্শন কৰা হৈছে। এতিয়াৰ পৰা যাত্ৰী সকলে প্ৰস্থান কক্ষৰ বাহিৰৰ পৰাই উক্ত নম্বৰ সমূহত ফোন কৰি এই সেৱা গ্ৰহণ কৰিব পাৰিব বুলি বৰঝৰ বিমান বন্দৰ কৰ্তৃপক্ষই জানিবলৈ দিছে।

Comments (0)
Add Comment