গোলাঘাট জিলা আৰক্ষীলৈ আৰণ্যকে আগবঢ়ালে মটৰ চাইকেল আৰু মাস্ক

লক ডাউনৰ মাজত কভিড ১৯ ৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে দেশত আৰক্ষীৰ জনসেৱা সকলোতে প্ৰশংসিত ৷ এনে সময়তে গোলাঘাট জিলাৰ আৰক্ষীক আজি  অন্যতম বেচৰকাৰী প্ৰকৃতি সংগঠন আৰণ্যকে দুখন বাজাজ পালচাৰ মটৰ চাইকেল আৰু পাঁচশ মাক্স প্ৰদান কৰে ৷
 
 
বিগত সময়ত কভিড ১৯ ৰ সংক্ৰমণৰ বাবে অধিক সক্ৰিয়তাৰে যুঁজিব পৰাকৈ এই দুখন পালচাৰ মটৰ চাইকেল আৰু পাঁচশ মাস্ক আজি গোলাঘাট আৰক্ষীক প্ৰদান কৰা বুলি জনায় আৰণ্যকৰ জেষ্ঠ প্ৰৱন্ধক মানস কুমাৰ ভট্টচাৰ্যই ৷ আজি আৰণ্যকৰ তৰফৰ পৰা এই মটৰ চাইকেল আৰু মাস্ক গোলাঘাটৰ আৰক্ষী অধীক্ষক পুস্পৰাজ সিংৰ হাতত আনুষ্ঠানিক ভাৱে অৰ্পণ কৰে ভট্টচাৰ্যই ৷
 
অনুষ্ঠানত অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিত সিং পানচাৰ আৰু উপ আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতীম শইকীয়াও উপস্থিত থাকে ৷ কভিড ১৯ সংক্ৰমণৰ এই ভয়াবহ পটভুমিত আৰণ্যৰ এই সহায়ৰ বাবে  আৰক্ষী অধীক্ষক জনে ধন্যবাদ জনায় ৷
 
উল্লেখযোগ্য যে গোলাঘাটৰ জনসাধাৰণৰ সহযোগিতা , গোলাঘাট প্ৰশাসনৰ লগতে জিলাখনৰ আৰক্ষীৰ সহযোগৰ বাবেই গোলাঘাট জিলা ৰেড জ’নৰ পৰা গ্ৰীন জ’নলৈ যাবলৈ সক্ষম হৈছে ৷
খবৰ যুগুতালে বোকাখাতৰ পৰা দিব্য জ্যোতি হাজৰিকাই ৷

Comments (0)
Add Comment