ঘিলামৰাৰ  পিতামণি প্ৰাথমিক বিদ্যালয়ৰ অনুকৰণীয় পদক্ষেপ

লখিমপুৰ জিলাৰ ঢকুৱাখনা মহকুমাৰ বৰদলনি শিক্ষাখণ্ডৰ অন্তৰ্গত এখন প্ৰাথমিক বিদ্যালয়ত কালি অনুষ্ঠিত হল এক অগতানুগতিক আৰু অনুকৰণীয় কাৰ্যসূচী । ঘিলামৰাত অৱস্থিত শিক্ষা খণ্ডটোৰ  অন্তৰ্গত পিতামণি প্ৰাথমিক  বিদ্যালয়ত  বিদ্যালয় পৰিয়ালৰ উদ্যোগত কালি অনুষ্ঠিত কৰা হয় “পিতৃ মাতৃ পূজন”  শীৰ্ষক এক ব্যক্তিক্ৰমী অনুষ্ঠান । বিদ্যালয়খনৰ  প্ৰধান শিক্ষক য়োগমায়া চাংমাই ,পৰিচালনা সমিতিৰ সভাপতি জগত সেনাপতি, সহকাৰী শিক্ষক প্ৰাণজিব বৰা, মাতৃ গোটৰ সমূহ সদস্য আৰু অভিভাৱক অভিভাবিকা সকল উপস্থিত থকা এই পিতৃ মাতৃ পূজন শীৰ্ষক অনুষ্ঠানটোৰ বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ  কৰে দেওলিয়া অতিৰিক্ত সমল কেন্দ্রৰ সমন্বয়ক লাকী হাজৰিকাই । বিদ্যালয়খনৰ সহকাৰী শিক্ষক বিকাশ দত্তই আঁত ধৰা দৃষ্টিনন্দন অনুষ্ঠানটোৰ বিদ্যালয়খনৰ সমূহ  শিক্ষাৰ্থীয়ে শৃংখলাবদ্ধতাৰে সমসাজ পৰিধান কৰি  উপস্থিত থাকে বিদ্যালয়ত। বিদ্যালয় কৰ্তৃপক্ষৰ সহযোগিতাৰে  বিদ্যালয়ত উপস্থিত অভিভাৱক সকলক শিক্ষাৰ্থী সকলে হাতে হাতে ধূপ বন্তি ,পুষ্প মাল্য লৈ নিজ নিজ পিতৃ মাতৃক প্ৰথমে চৰণ স্পৰ্শ কৰি ভক্তিভৰা  প্ৰণিপাত জনাই । অভিভাৱক সকলেও সন্তানৰ পূজনত আহ্লাদিত  আৰু আবেগিক হৈ হিয়া ভৰা আশীৰ্বাদ অঞ্জলি যাচে । অতি শৃঙ্খলিত ভাবে বিদ্যালয় খেল পথাৰত অনুষ্ঠিত এই  মনোজ্ঞ অনুষ্ঠানটোৰ পৰৱৰ্তী সময়ত অভিভাৱক সকলক সুস্বাদু খাদ্য সম্ভাৰেৰে আপ্যায়িত কৰে শিক্ষাৰ্থী সকলে । যিসময়ত একাংশ বৰ্ষীয়ান  পিতৃ মাতৃৰ প্ৰতি এচাম তথাকথিত উচ্ছ জাত্যাভিমানিয়ে প্রদর্শন কৰি আহিছে অশ্রদ্ধা আৰু অৱজ্ঞা তেনেসময়তে এখন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাৰ্থী সকলক পিতৃ মাতৃৰ আত্মিক সম্পৰ্কৰ সশ্ৰদ্ধ অনুভূতি ৰোমন্থন কৰাবলৈ  বিদ্যালয় পৰিয়ালে গ্ৰহণ কৰা এনে ব্যতিক্রমী শ্ৰদ্ধাশীল পদক্ষেপ নিশ্চিত ভাবে অনুকৰণীয় আৰু ইতিবাচক বাৰ্তা বাহক হিচাবে ধৰা দিছে ।

বাতৰি যুগুতালে অমৃত পৱন বৰাই ।

Comments (0)
Add Comment