চাংচাবস্তিত মুকলি কৰি দিলে অ এন জি চিৰ অপহৃত বিষয়া

ক`ৰণাৰ আতংকৰ মাজতে ৰাজ্যবাসীৰ বাবে এক ভাল খবৰ। আলফা স্বাধীনে মুকলি কৰিলে ONGCৰ অপহৃত বিষয়া ৰিতুল শইকীয়াক।
নাগালেণ্ড- ম্যানমাৰ সীমান্তৰ চাংচাবস্তিত মুক্তি দিলে ONGCৰ বিষয়া ৰিতুল শইকীয়াক। উল্লেখ যোগ্য যে, যোৱা বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীয়ে আহ্বান জনাইছিল আলফা স্বাধীনক। সেই আহ্বানৰ প্ৰতি সহাৰি জনায় আলফা স্বাধীনে মুকলি কৰি দিলে ৰিতুল শইকীয়াক।ৰিতুলৰ পিতৃ মাতৃ আৰু পৰিয়ালৰ লোকে ৰিতুলক এনেকৈ আলফা স্বাধীনে মুকলি কৰি দিয়াত সেনাধ্যক্ষ পৰেশ বৰুৱা আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ আৰু কৃতজ্ঞতা জনাই।

Comments (0)
Add Comment