চাংসাৰিত সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান চৌহদত ৭২ তম্ বন মহোৎসৱ উপলক্ষে বৃক্ষ ৰোপণ কার্যসূচী সভাপতি ভৱেশ কলিতাৰ

আজি চাংসাৰিত থকা সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান চৌহদত অসম চৰকাৰৰ পৰিবেশ আৰু বন বিভাগৰ উদ্যোগত ৭২ তম্ বন মহোৎসৱ উপলক্ষে বৃক্ষ ৰোপণ কার্যসূচীত উপস্থিত থাকি সভাপতি ভৱেশ কলিতাই গছপুলি ৰোপণ কৰে। উক্ত কার্যসূচীত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, অসম চৰকাৰৰ পৰিবেশ আৰু বন বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্য, অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী কেশৱ মহন্ত, কেবিনেট মন্ত্ৰী তথা কামৰূপ(গ্ৰাম্য) জিলাৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী,গুৱাহাটী লোক সভা সমষ্টিৰ সাংসদ কুইন ওজা, কামৰূপ(গ্রাম্য) জিলাৰ বিধায়ক আৰু বিধায়িকা সকল, জিলা উপায়ুক্ত কৈলাস কাৰ্তিক এনৰ লগতে জিলাৰ উচ্চ পদস্থ বিষয়া সকল আৰু পৰিবেশ আৰু বন বিভাগৰ উচ্চ পৰ্যায়ৰ বিষয়-ববীয়া সকল উপস্থিত থাকে।

Comments (0)
Add Comment