চাইকেল চলাই সজাগতা অনাৰ প্ৰয়াস কৰিলে এজন উপায়ুক্তই

কালি ডিব্ৰুগড়ত পুৱাই ৰাজপথত জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকে ১৫ কিলোমিটাৰ চাইকেল চলাই চাইক্লিঙৰ সজাগতা সৃষ্টি কৰাৰ প্ৰয়াস কৰে। কালি শিক্ষক দিৱসৰ দিনাই ডিব্ৰুগড়ৰ চাইক্লিং ক্লাৱৰ উদ্যোগত আৰু বিচিপিএলৰ সহযোগত পুৱাই ৰাজপথত জিলাখনৰ প্ৰশাসনৰ বৰমূৰীয়াসকলে চাইকেল চলালে।
ডিব্ৰুগড়ৰ চৌকিডীঙি চাৰিআলিৰ জিলা উপায়ুক্ত আৱাসগৃহৰ পৰা জকাই উদ্ভিদ উদ্যানলৈ জিলা উপায়ুক্তই চাইকেল চলালে। চাইকেল চলোৱাটো পৰিৱেশ আৰু অৰ্থনৈতিক দিশৰ পৰা যথেষ্ট অনুকূল, জনসাধাৰণৰ মাজলৈ এই বাৰ্তা প্ৰেৰণ কৰা লগতে শৰীৰ আৰু মন দুয়োটা সুস্থ হ`বলৈ চাইকেল চলোৱাৰ বাবে তেখেতে সকলোকে আহ্বান জনায়৷
দৈনিক আধা ঘণ্টা চাইকেল চলালে পেটৰ চৰ্বি কমে আৰু ই আমাৰ মাংসপেশীসমূহকো শক্তিশালী কৰি ৰাখে। চাইকেল চলোৱাৰ অভ্যাসে বায়ু প্ৰদূষণমুক্ত কৰাৰ লগতে অৰ্থনৈতিক দিশৰ পৰাও কিছু পৰিমাণে সকাহ পাব পৰা যায়৷ গতিকে এটা সুস্থ দেহৰ অধিকাৰী হ’বলৈ, এখন প্ৰদূষণমুক্ত পৃথিৱী পাবলৈ আমি প্ৰত্যেকেই চাইকেল চলোৱাৰ অভ্যাস গঢ়ি তুলিব লাগে,এই আহ্বান উপায়ুক্ত পল্লৱগোপাল ঝা আৰু আৰক্ষী অধীক্ষকৰ‌।

Comments (0)
Add Comment