চানডুবি উৎসৱৰ লাইখুঁটা স্থাপন -পহিলা জানুৱাৰীৰ পৰা পাচদিনীয়াকৈ একাদশ বাৰ্ষিক চানডুবি উৎসৱ

দক্ষিণ কামৰূপৰ অসম মেঘালয় সীমান্তত চিৰসেউজ আবেশ আৰু মনোৰম জলৰাশিৰে উজ্বলি থকা তথা ৰাজাপাৰাত অৱস্থিত ঐতিহাসিক চানডুবি বিল৷ প্ৰকৃতিসৃষ্ট মনোৰম বিলখনৰ অনুপম জৈৱ বৈচিত্ৰ্য সংৰক্ষণ তথা অন্যতম প্ৰাকৃতিক ক্ষেত্ৰখন উল্লেখণীয় পৰ্যটনস্থলী হিচাপে গঢ়ি তোলাৰ প্ৰয়াসেৰে চানডুবি উৎসৱ উদযাপন সমিতিয়ে বাৰেৰহণীয়া কাৰ্যসূচীৰে চানডুবি উৎসৱৰ আয়োজন কৰি আহিছে ৷
 
 
কিন্তু বিগত বৰ্ষত ‘কা’ আন্দোলনৰ বাবে উক্ত উৎসৱৰ কাৰ্যসুচী বাতিল কৰা হৈছিল যদিও আগন্তুক ২০২১ বৰ্ষৰ পহিলা জানুৱাৰীৰ পৰা পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উক্ত উৎসৱ উদযাপনৰ বাবে ব্যাপক প্ৰস্তুতি চলাইছে উদ্যোক্তাসকলে। সেয়ে আজি পৰম্পৰাগত মাংগলিক কাৰ্যসুচীৰ লগতে ৰাভা লোককৃষ্টি প্ৰদৰ্শন কৰি চানডুবিৰ বাকৰিত একাদশ বাৰ্ষিক চানডুবি উৎসৱৰ লাইখুঁটা স্থাপন কৰা হয়৷
 
 
 
উদযাপন সমিতিৰ বিষয়ববীয়া সুভাষ চিনালে পৰিচালনা কৰা আনুষ্ঠানটিত লাইখুঁটা স্থাপন কৰে ৰাভা হাছং স্বায়ত্ত্বশাসিত পৰিষদৰ সদস্য ৰমাকান্ত ৰাভাই ৷ ইফালে মাংগলিক অনুষ্ঠানটিত কেন্দ্ৰীয় আৰছু নেতা দেৱজিত নাফা, অশোক নংবাগ, জীৱন ৰাভাৰ উপৰিও কুলশী পৰিষদীয় সমষ্টিৰ সাধাৰণ সদস্য দিলীপ কুমাৰ ৰাভা, চানডুবি পৰিষদীয় সমষ্টিৰ সাধাৰণ সদস্য নৃপেন চন্দ্ৰ ৰাভা আদি উপস্থিত থাকে। উল্লেখ্য যে, সকলো জাতি জনগোষ্ঠীৰ থুলুৱা খাদ্য সম্ভাৰৰ পৰা কৃষ্টি সংস্কৃতি, নৃত্য গীত, খেল ধেমালি, পৰম্পৰাৰ সকলো দিশ উদ্ভাসিত হ’ব এই চানডুবিৰ উৎসৱৰ বাকৰি।ৰাভা দল সংগঠনসমূহৰ সক্ৰিয়তাত সংকটৰ গৰাহত পৰা চানডুবিৰ সজাগতাৰ প্ৰতি লক্ষ্য ৰাখি আয়োজন কৰি আহিছে এই চানডুবি উৎসৱ।পূৰ্বৰ দৰে এইবীৰো উদ্যোক্তাসকলে ৰাইজৰ সহযোগ কামনা কৰিছে।

Comments (0)
Add Comment