চাৰিদুৱাৰত গ্ৰন্থ উন্মোচন

শোণিতপুৰৰ অসম-অৰুণাচল সীমান্তৱৰ্তী চাৰিদুৱাৰৰ বগীজুলিত আজি এখন উপন্যাস শুভ উন্মোচন কৰা হয়। ৪ নং বগীজুলি প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক চেনীৰাম বড়োৰদ্বাৰা লিখিত “ত্যাগ” নামৰ উপন্যাসখন আজি তেখেতৰ বাসগৃহত অৱসৰপ্ৰাপ্ত শিক্ষক ভদ্ৰেশ্বৰ ব্ৰৰ্হ্মৰ সভাপতিত্বত অনুষ্ঠিত উন্মোচন সভাখনত সভাৰ উদ্দেশ্যে ব্যাখ্যা কৰে চেনীৰাম বড়োয়ে। সভাত উপস্থিত থাকি উপন্যাসখন আনুষ্ঠানিকভাৱে শুভ উন্মোচন কৰে ক্ৰমে উদমাৰী মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক শিশু ৰঞ্জন গগৈ, বালিপৰা শাখা সাহিত্য সভাৰ সম্পাদক,যুৱ নিৱন্ধকাৰ প্ৰাঞ্জল প্ৰতিম বৰা, শোণিতপুৰ জিলা বড়ো সাহিত্য সভাৰ উপ-সভাপতি বিনোদ বসুমতাৰী আৰু শিক্ষক, সমাজকৰ্মী গিতু মাৰাকে । অনুষ্ঠানত ভালেমান শিক্ষক, বিশিষ্ট ব্যক্তি, ৰাইজ, দল-সংগঠনৰ প্ৰতিনিধি উপস্থিত থাকে।

Comments (0)
Add Comment