চেনিটাইজ কৰিব পৰা বেচিন উদ্ভাৱন কৰি সংবাদৰ শিৰোনামা দখল কৰিছে দুই ভাতৃয়ে কৰিছে

সমগ্ৰ বিশ্বতে মহামাৰী ক’ৰণা আতংক অব্যাহত আছে। এই মহামাৰীয়ে বৰ্তমান সময়ত কালৰূপ ধাৰণ কৰিছে।
 
এই সময়তে ইয়াৰ পৰা সকাহ পাবলৈ উদ্ভাৱকসকলে ব  ন ন সামগ্ৰী উদ্ভাৱন কৰিছে। উল্লেখযোগ্য যে  উত্তৰ গুৱাহাটীৰ এগৰাকী উদ্ভাৱকে  জনসাধাৰণক সকাহ দিবলৈ ন ন সামগ্ৰী সাজি উলিয়াইছে।
 
 
আমি সাধাৰণতে সকলোৱে অফিচ কাছাৰী বিলাকত দেখিছো হাত ধোৱাৰ বাবে বাল্টি আৰু হেণ্ডৱাছ। এইসমূহ ব্যৱহাৰ যদিও কৰো তথাপি যেন আমাৰ মনত সন্দেহ হয় য ক’ৰবাত যেন কিবা এটা ৰৈ গৈছে। বাল্টি আৰু হেণ্ডৱাছ ব্যৱহাৰ কৰিলে যে আমি সম্পূৰ্ণৰূপে সংক্ৰমণ ৰোধৰ পৰা সুৰক্ষিত হৈ থাকিম, সেয়া ১০০শতাংশ নিশ্চিত নহয়।
 
এই সময়তে সম্পূৰ্ণৰূপে সুৰক্ষিত কৰাৰ ক্ষেত্ৰত উত্তৰ গুৱাহাটীৰ  উদ্ভাৱক চম্পক বৰাই আমাৰ মাজলৈ এক আশাৰ ৰেঙণি আনিছে। কিয়নো তেখেতে উদ্ভাৱন কৰি উলিয়াইছে হেণ্ডছ ফ্ৰী স্মাৰ্ট বেচিনৰ। উল্লেখ্য যে এই বেচিনটোত হাতৰ  ব্যৱহাৰ নহয়।
 
এই বেচিনটোত আছে দুটা বুটাম। এটা নলাৰে পানী ওলায় আৰু আনটোৰে  ছেনিটাইজাৰ ওলায়। সাধাৰণ এটা বেচিনত এক বিশেষ পদ্ধতিৰ প্ৰয়োগ কৰি  এই বিশেষ যন্ত্ৰটো সাজি উলিয়াইছে।
 
সম্পূৰ্ণ সুৰক্ষামূলক এই যন্ত্ৰটোৰ বেচিনটোক বাদ দি বাকী সামগ্ৰীসমূহৰ মূল্য ৫০০টকা। জানিব পৰা মতে কণ কণ ছাত্ৰ ছাত্ৰী আৰু সাধাৰণ জনতাৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এই হেণ্ডছ ফ্ৰী বেছিন শংকৰদেৱ শিশু নিকেতন, উত্তৰ গুৱাহাটী আৰু আমানগাঁওৰ ডি চি অফিচত উপলব্ধ কৰাৰ বাবে বৰাই আগ্ৰহ প্ৰকাশ কৰে। উদ্ভাৱক চম্পক বৰাৰ এই কাৰ্যত বৰ্তমানে অঞ্চলবাসী ৰাইজ উৎফুল্লিত হৈ পৰিছে।
 
 
বৰাই মন্তব্য কৰা মতে এই যন্ত্ৰটোৱে মাৰাত্মক ক’ৰণাক প্ৰতিহত কৰাত সহায় কৰিব। এই উদ্ভাৱনৰ বাবে দুই ভ্ৰাতৃ ক্ৰমে চম্পক বৰা আৰু ত্ৰৈলোক্য চন্দ্ৰ বৰাক সকলোৱে কৃতজ্ঞতা জ্ঞাপন কৰে । উল্লেখ্য যে ইয়াৰ পূৰ্বেও  এই দুই ভাতৃয়ে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ন ন বৈজ্ঞানিক কৌশলৰ উদ্ভাৱনেৰে গৌৰৱ কঢ়িয়াই আনিছে।

Comments (0)
Add Comment