জনজাতীয় সংস্কৃতি সংৰক্ষণৰ বাবে ৰাজ্যত গঠিত হ’ব নতুন বিভাগ

অসমৰ জনজাতীয় সংস্কৃতি সংৰক্ষণৰ বাবে সুকীযাকৈ এটা বিভাগ গঠন কৰিব।এই মন্তব্য মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ।মুখ্যমন্ত্ৰী গৰাকীয়ে এই ঘোষণা কালি কৰে।তেখেতে জনায় যে এই বিভাগটোৱে খিলঞ্জীয়া সংস্কৃতিৰ সংৰক্ষণ আৰু নিৰাপত্তাৰ বাবে গঠিত হৈছে। ই এক স্বতন্ত্ৰ বিভাগ হ’ব।ইতিমধ্যে কেবিনেটে অনাগত বাজেট অধিবেশনত নতুন বিভাগটোৰ বাবে শকত পুঁজি ধাৰ্য কৰিবৰ বাবে বিত্তমন্ত্ৰীক অনুৰোধ জনাইছে। উল্লেখ্য যে, অসমৰ প্ৰথম গৰাকী মহিলা বিত্তমন্ত্ৰী অজন্তা নেওগে এইবাৰ অহা ১৬ জুলাইত হ’ব লগীয়া বাজেট অধিবেশনত ৰাজ্যৰ বাজেট উপস্থাপন কৰিব।

Comments (0)
Add Comment