জনসজাগতামূলক চুটি ছবিৰ শুভমুক্তি

ক’ৰণা ভাইৰাছৰ ত্ৰাসৰ মাজতে সমসাময়িক বিষয়বস্তুকলৈ জনসজাগতামূলক চুটি ছবি নিৰ্মাণ কৰিছে টীয়কৰ এগৰাকী সাংবাদিকে।সোমবাৰে সাংবাদিক গোপাল কৃষ্ণ বাঢ়ৈৰ ৰচনা আৰু পৰিচালনাৰে এখন চুটি ছবিয়ে শুভমুক্তি লাভ কৰে৷
 
 
উল্লেখযোগ্য যে ৰেঙণিয়ে আয়োজন কৰা এটি প্ৰতিযোগিতাৰ বাবে নিৰ্মাণ কৰা “অন্য এক ভাইৰাছ নামৰ চুটি ছবিখনৰ জৰিয়তে নিৰ্মাতাই  জনসজাগতামূলক বাৰ্তা দিবলৈ যত্ন কৰিছে৷
 
চৰকাৰী নিৰ্দেশনা মানি মাত্ৰ চাৰিটা চৰিত্ৰৰ জৰিয়তে ছবিখন নিৰ্মাণ কৰিছে। ছবিখনত অভিনয় কৰিছে মনজিৎ বড়া,গোপাল কৃষ্ণ বাঢ়ৈ,কল্যাণ জ্যোতি দত্ত আৰু পংকজ শৰ্মাই৷
দৃশ্য গ্ৰহণ আৰু সম্পাদনা মুন্না পায়েঙৰ৷
ছবিখন ইউটিউবৰ Munna Parnk TV নামৰ চেনেলত উপলব্ধ৷

Comments (0)
Add Comment