জামুগুৰিহাটত উলহ মালহেৰে উদযাপিত হয় শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৪ সংখ্যক জন্মজয়ন্তী উৎসৱ

শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ পাঞ্চজন্য নামঘৰ আৰু চামধৰা নামঘৰত দুদিনীয়া বৰ্নাঢ্য কাৰ্যসূচীৰে উদযাপন কৰে গুৰুজনাৰ ৫৭৪ সংখ্যক জন্মজয়ন্তী উৎসৱ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ নামধৰ্ম সমাজ আৰু নদুৱাৰ বাৰেচহৰীয়া ৰাইজ সভাৰ উদ্যোগত দুয়োটা নামঘৰত অনুষ্ঠিত হয় এই জন্মজয়ন্তী উৎসৱ৷ক’ভিড সৃষ্ট পৰিৱেশৰ কাৰণে তিনিটাকৈ বছৰ এই অঞ্চলত অংকীয়া ভাওনা অনুষ্ঠিত হোৱা নাছিল যদিও বৃহস্পতি বাৰে অনুষ্ঠিত এই নাট ভাওনাই ভক্তপ্ৰাণ ৰাইজক আপ্লুত কৰে। আনহাতে সূদীৰ্ঘ তিনিবছৰ বিৰতিৰ পিছত এনেদৰে উলহ মালহেৰে অনুষ্ঠিত গুৰুজনাৰ কলা-সংস্কৃতি পৰিৱেশন কৰিবলৈ পায় সন্তোষ প্ৰকাশ কৰে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই।

বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই।

Comments (0)
Add Comment