জামুগুৰিহাটত মহিলা ৰাস অনুষ্ঠিত

শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ ডেকাচুক গাঁৱত ৰাস মহোৎসৱ অনুষ্ঠিত হৈছে।ডেকাচুক গাৱৰ মহিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা উক্ত ৰাস মহোৎসৱত কৃষ্ণ,ৰাধা, শংখচূড়ৰ সুন্দৰ নৃত্য আৰু অভিনয়ে ৰাস উপভোগ কৰিবলৈ অহা সহস্ৰাধিক দৰ্শকক আপ্লুত কৰিছে। উল্লেখ্য যে এদিনীয়া কৈ অনুষ্ঠিত উক্ত মহাৰাসত কৃষ্ণৰ ভাৱত কংকনা দেৱী আৰু প্ৰাৰ্থনা দেৱীৰ সুন্দৰ নৃত্য,অভিনয়ৰ লগতে ৰাধাৰ ভাৱত কুইন দেৱী আৰু মানি দেৱীয়েও সুন্দৰ নৃত্যৰে উপস্থিত দৰ্শকক মনোৰঞ্জন দিবলৈ সক্ষম হয়। ইয়াৰ উপৰিও শংখচূড়ৰ ৰূপত অভিনয় কৰা কৰিশ্মা দেৱী কৃষ্ণা দেৱী আৰু গোপীসকলৰ নৃত্য আৰু অভিনয়ো আছিল সুন্দৰ।ডেকাচুক মহিলা সমিতিৰ দ্বাৰা সুন্দৰ নৃত্য আৰু অভিনয়ৰে অনুষ্ঠিত হোৱা মহাৰাসক উপস্থিত দৰ্শকে ভূয়সী প্ৰশংসা কৰে।
বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই

Comments (0)
Add Comment