জামুগুৰিহাটৰ বিভিন্ন প্ৰান্তত যোৱা কালিৰ পৰা অনুষ্ঠিত হোৱা সাৰ্বজনীন ষট পূজাৰ কাৰ্যসূচী আজি সামৰণি পৰিব

ষট পূজাৰ মূলমন্ত্ৰ হ`ল সূৰ্য্য দেৱতাক আৰাধনা৷ সমগ্ৰ দেশজুৰি পালন কৰা হৈছে এই ষট পূজা৷ সমান্তৰালভাৱে জামুগুৰিহাটৰ বিভিন্ন অঞ্চলৰ বিহাৰী সম্প্ৰদায়ৰ লোকে ষট পূজা পালন কৰিছে । এইবাৰ ষট পূজা জীয়া ভৰলী, বহিমৰা,দিকৰাই, নদীৰ পাৰত দুদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত হয় ৷ ১০ বিধ শাক পাচলি ,১০ বিধ ফল মূল লগতে টেকুৱা খেজুৰ আদি ঘৰতে বনাই পাচিত সাজই আনি সূৰ্য্য দেৱতাক আৰাধনা কৰা হয়। পূৰ্বৰ তুলনাত সীমিত জাকজমকতাৰে অনুষ্ঠিত হৈছে এই ষট পূজা ৷ ক`ভিড সৃষ্ট পৰিবেশ তথা অত্যাধিক মূল্যবৃদ্ধিয়ে জুৰুলা হৈ পৰা সাধাৰণ ভক্তই ভক্তিভাৱেৰে পূজা আৰাধনা কৰিবলৈ ওলাই আহিছে৷ ক`ভিড বিধি মানি ভক্তপ্ৰাণ ৰাইজে পূজাত অংশগ্ৰহণ কৰিছে । প্ৰশাসনৰ তৰফৰ পৰাও নদী সমূহত কটকটীয়া নিৰাপত্তাৰ লগতে SDRF বাহিনী ও‌ নিয়োগ কৰা হৈছে ।উল্লেখযোগ্য যে ইটাখোলাৰ ষট ঘাটত অনুষ্ঠিত হোৱা ষট পুজা ঘাটত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ আৰ্হিত ইটাখোলা কেৰাণী পামৰ শিল্পী টংকেশ্বৰ শইকীয়াই বিভিন্ন জীৱ জন্তুৰ প্ৰতীক চিহ্ন নিৰ্মিত কৰা দৃশ্যই ভক্ত সকলক আকৰ্ষণ কৰা পৰিলক্ষিত হয়।
বাতৰি যুগুতালে ৰাতুল হাজৰিকাই

Comments (0)
Add Comment