জামুগুৰিহাটৰ মঙ্গলবৰীয়া ব্যৱসায় কেন্দ্ৰৰ আধাৰশিলা উন্মোচন

চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ মুঢ়াদল জিলা পৰিষদৰ সদস্য কিশোৰ দাহালে জিলা পৰিষদৰ পুঁজিৰে মঙ্গলবৰীয়া ব্যৱসায় কেন্দ্ৰৰ ব্যৱসায় গৃহৰ আধাৰশিলা উন্মোচন কৰে ৷ ব্যৱসায় গৃহৰ আধাৰশিলা কৰি কিশোৰ দাহালে কয় যে অঞ্চলটোৰ নিবনুৱা যুৱক-যুৱতী সকলক অৰ্থনৈতিক ভাৱে সৱল কৰি তোলাৰ উদ্দেশ্যৰে তথা বিভিন্ন ব্যৱসায় বাণিজ্যৰে স্বাৱলম্বী হ`ব পৰাকৈ এই আচঁনি গ্ৰহণ কৰা হৈছে।পৰবৰ্ত্তী সময়ত এই ব্যৱসায় কেন্দ্ৰত ব্যৱসায়ীক গৃহ নিৰ্মাণৰ পৰিকল্পনা কৰিছো, য’ত শতাধিক যুৱক যুৱতীয়ে সংস্থাপন লাভ কৰিব।এই অনুষ্ঠানত উত্তৰ মুঢ়াদল গাঁও পঞ্চায়তৰ সভাপতি দিপক নেৱাৰ, জেষ্ঠ কাৰ্যকৰ্তা ধনপতি কাফলে, প্ৰবীন দাসৰ লগতে যুৱ মৰ্চাৰ সদস্য সকল উপস্থিত থাকে।
বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই

Comments (0)
Add Comment