টপচেম চিমেন্টে ল’ ভিজন এৱাৰনেচ বিষয়ক ফেব্রুৱাৰী মাহৰ প্ৰসঙ্গ সংগতিৰে আয়োজিত কৰে সপ্তম সংখ্যক চকু ছানি পৰা ৰোগৰ পৰীক্ষন আৰু অষ্টোপচাৰ শিবিৰ

উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম অগ্ৰনী চিমেন্ট বেণ্ড টপচেম চিমেন্টে আই ডাক্তৰ্স এন আই ক্লিনিক আৰু চাৰ্জাৰী চেন্টাৰ” গুৱাহাটীৰ সহযোগিতাত সপ্তম সংখ্যক বিনামূলীয়া চকু ছানি পৰা ৰোগৰ অষ্টোপচাৰৰ লগতে চকু পৰীক্ষা শিবিৰ আয়োজিত কৰিছে।চকু ছানি পৰা ৰাইজক সম্পূর্ণ বিনামূলীয়াকৈ চকুৰ যত্ন প্ৰদানৰ লক্ষ্যৰে টপচেম চিমেন্টৰ এয়া সপ্তম প্ৰয়াস।

চকু ছানি পৰা ৰোগৰ লগতে সংশোধন নোহোৱা প্ৰতিসৰণ ক্রটি চিনাক্ত কৰাৰ বুনিয়াদী লক্ষ্যৰে আই ডাক্তৰ্স এন আই ক্লিনিক আৰু চাৰ্জাৰী চেন্টাৰ” গুৱাহাটীৰ, প্ৰত্যক্ষ সহযোগিতাৰে গ্ৰামীণ অঞ্চলত চকু পৰীক্ষণ কেন্দ্র আয়োজন কৰা হৈছে।মৰিগাঁও আৰু ওদালগুৰিৰ গ্ৰামীণ অঞ্চলৰ দুৰ্বল দৃষ্টি শক্তি সম্পন্ন ২০০ গৰাকী ৰোগীৰ পৰীক্ষা কৰিবলৈ সক্ষম হ’ব বুলি মানস কৰা হৈছে।এটা পষেক যোৰা এই বিশেষ শিবিৰটো চলিত ২০২৪ বৰ্ষৰ ১৯ ফেব্রুৱাৰীৰ পৰা শুভাৰম্ভ কৰিছিল আই ডাক্তৰ্স এন আই ক্লিনিক আৰু চাৰ্জাৰী চেন্টাৰ গুৱাহাটী চিকিৎসক মণ্ডলীৰ এটা বিশেষজ্ঞ দলে।স্মৰ্তব্য যে বাচনিযুক্ত ৰোগাক্ৰান্তক প্ৰতিষ্ঠানটোৱে অস্ত্রোপচাৰো কৰিব।টপচেম চিমেন্টে সৰ্বাধিক ৪০ গৰাকী ৰোগীলৈ অস্ত্রোপচাৰৰ সুবিধা প্ৰদান কৰিব।

টপচেম চিমেন্টে সৰ্বদায় প্ৰতিটো সামাজিক উন্নয়নৰ উদ্দেশ্যৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ, যিয়ে আৰ্থিকভাৱে দুৰ্গতসৱক সৰ্বাঙ্গীন বিকাশত সহায়তা প্রদান কৰে।পূর্বেও বহু সময়ত এই বিষয়ে বিভিন্ন পদক্ষেপ গ্রহণ কৰিছো আৰু অনাগত ভবিষ্যতেও এই বিষয়ে আগবাঢ়ি যাম,মেঘালয় চিমেন্টছ লিমিটেডৰ বিক্রী তথা বিপননৰ অধ্যক্ষ ড০ অনিল কাপুৰে এইদৰে মন্তব্য ৰাখে।
টপচেম চিমেন্টৰ এয়া ২০১৮ চনৰে পৰা এয়া এক অবিৰত প্ৰচেষ্টা, বিশেষত বিনামূলীয়া চকু ছানি পৰা ৰোগৰ অষ্টোপচাৰৰ ক্ষেত্রত। তাৰোপৰি কেন্দ্রীয় আৰু ৰাজ্যিক পৰ্যায়ত চৰকাৰৰ দ্বাৰা পৰিচালিত প্ৰগতিশীল পদক্ষেপৰ দিশত সংৰক্ষিত হৈ আছে। উদাহৰণস্বৰূপে অন্ধত্ব তথা দৃষ্টিশক্তি ৰক্ষা বিষয়ক ৰাষ্ট্ৰীয় কাৰ্যসূচী, উল্লেখ্য যে ২০২৫ বৰ্ষৰ ভিতৰত ভাৰতত অন্ধত্বৰ বিষয়টো সমূলি হ্ৰাস কৰিবৰ লক্ষ্যৰে চৰকাৰীভাৱে পদক্ষেপ।
টপচেম চিমেন্টে এই অতুল্য চকু পৰীক্ষন সেৱা প্ৰদানেৰে সমাজৰ আৰ্তসকলকৰ জীবন ব্যবস্থাৰ সামগ্রিক উন্নয়নৰ বাবে সদা যত্নপৰ বুলি প্ৰতিপন্ন কৰিছে।

Comments (0)
Add Comment