টাইকোৱানডোত সোণৰ পদক লাভ কৰিলে প্লাৱনে

বৰপেটাত অনুষ্ঠিত হোৱা চতুৰ্থ সংখ্যক আন্তঃজিলা টাইকোৱানডো প্ৰতিযোগিতাত সোণৰ পদক লাভ কৰি তিতাবৰলৈ গৌৰৱ কঢ়িয়াই আনিছে প্লাৱন কুৰ্মীয়ে।
বাগৰদিয়াৰ সমাজকৰ্মী প্ৰবীণ কুৰ্মী আৰু শিক্ষয়িত্ৰী পাপৰি কুৰ্মীৰ পুত্ৰ প্লাৱনে ২১ কেজি শাখাৰ ফাইনেল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি বৰপেটা জিলাৰ এগৰাকী খেলুৱৈক পৰাজিত কৰিবলৈ সক্ষম হয়।তিতাবৰৰ উইচডম ইংলিছ স্কুলৰ দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ প্লাৱন কুৰ্মীৰ এনে পাৰদৰ্শিতাৰ উত্তৰোত্তৰ কামনাৰে অঞ্চলটোৰ বহুজনে শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছে।

Comments (0)
Add Comment